নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিকী পণ্টিঙৰ মতঃ কোন হ’ব এদিনীয়া শৃংখলাত বিজয়ী

123

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ মঙলবাৰৰ অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মাজত প্ৰথম খন এদিনীয়া মেচ। তিনি দিৱসীয় এদিনীয়া  শৃংখলাক লৈ প্ৰাক্তন অষ্ট্ৰেলিয়া দলৰ অধিনায়ক তথা দলটোৰ প্ৰশিক্ষক ৰিকী পণ্টিঙে মন্তব্য কৰিছে যে যোৱাটো শৃংখলাত অষ্ট্ৰেলিয়াই শৃংখলা দখল কৰিছিল যদিও এইবাৰ ইমান সহজ নহব। লগেত পণ্টিঙে উল্লেখ কৰিছে যে টীম ইণ্ডিয়াই প্ৰতিশোধ লবলৈ সম্পূৰ্ণ চেষ্টা কৰিব।কিন্তু এৰণ ফিঁন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়া দলটোৱে শৃংখলা দখল কৰিবলৈও সম্পূৰ্ণ চেষ্টা কৰিব। শৃংখলাৰ প্ৰথম খন মেচ মুম্বাইৰ ৱাঙখাড়ে ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হ’ব।

You might also like