নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ টাকৈ উইকেট দখল কৰি নেপালৰ স্পীনাৰৰ অভিলেখ

109

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL) ত নিজৰ হাতৰ যাদু দেখোৱাই উচ্চ প্ৰশংসা লাভ কৰা নেপালৰ স্পীনাৰ সন্দীপ লামিচানে(Sandeep Lamichhane) ই নিজৰ দেশৰ বাবে খেলি আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

আইচিচি বিশ্বকাপ লীগ ২ (ICC World Cup League 2) ত সন্দীপে ৬ অভাৰত মাত্ৰ ১৬ ৰান দি ৬ টাকৈ উইকেট দখল কৰে । খেলুৱৈগৰাকীৰ এই বিধ্বংসী বলিঙৰ সহায়ত নেপালে প্ৰতিপক্ষ আমেৰিকা দলটোক এদিনীয়া ক্ৰিকেট ইতিহাসত সকলোতকৈ কম ৩৫ ৰানতে অলআউট কৰে । পাছত নেপালে মাত্ৰ ১২ অভাৰতে ২ টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হৈ খেলখনত বিজয়ী হয় ।

উল্লেখ্য যে এই খেলখনৰ পাছতে এখন মেচত ৬টাকৈ উইকেট দখল কৰা সন্দীপ লামিচানে বিশ্বৰ প্ৰথমগৰাকী ব’লাৰ হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ইফালে সন্দীপ লামিচানেৰ এই খেলক টুইট কৰি উচ্চ প্ৰশংসা কৰিছে আইচিচিয়ে ।

You might also like