নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মান্ধানাৰ অর্ধশতক সত্ত্বেও মহিলাৰ ত্রিদেশীয় শৃংখলাৰ ফাইনেলত পৰাস্ত ভাৰত

12

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ তাৰকা অ’পেনাৰ স্মৃতি মান্ধানাৰ বিস্ফোৰক অর্ধশতক সত্ত্বেও মহিলাৰ টি–২০ ত্রিদেশীয় ক্রিকেট শৃংখলাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত৷ মেলব’নৰ জংচন অভেলত বুধবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত ঘৰুৱা দল অষ্ট্রেলিয়াই ভাৰতক ১১ ৰানত পৰাস্ত কৰি শৃংখলা জয় কৰিবলৈ সক্ষম হয়৷ ১৫৬ ৰানৰ লক্ষ্যৰ পিছ লৈ ভাৰতে ১৫ অভাৰত মাত্র তিনিটা উইকেট হেৰুৱাই ১১৫ ৰান সংগ্রহ কৰি জয়ৰ দিশে অগ্রসৰ হৈছিল যদিও অষ্ট্রেলিয়াৰ বাঁওহতীয়া স্পীনাৰ জেছ জ’নাছেনৰ স্পীনভেল্কীত ভাৰতৰ জয় সম্ভৱ নহ’ল৷ দলটোৱে ২০ অভাৰত মাত্র ১৪৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে৷

ভাৰতৰ হৈ স্মৃতি মান্ধানাই মাত্র ৩৭ বলৰ সন্মুখীন হৈ ১২টা বাউণ্ডেৰীৰ সহায়ত ৬৬ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ অধিনায়িকা হৰমনপ্রীত কৌৰে ১৪, ৰিশা ঘোষে ১৭, শ্বেফালি বার্মাই ১০, দীপ্তি শর্মাই ১০ আৰু টি ভাটিয়াই ১১ ৰানতে আউট হোৱাত দলটো বিপর্যয়ৰ সন্মুখীন হয়৷ অষ্ট্রেলিয়াৰ অভিজ্ঞ স্পীনাৰ জ’নাছেনে ৪ অভাৰত মাত্র ১২ ৰান ব্যয় কৰি ৫টা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াই প্রথমে বেটিং কৰি অ’পেনাৰ বেথ মানিৰ চমকপ্রদ ৭১ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ দীপ্তি শর্মা আৰু ৰাজেশ্বৰী গাইকোৱাডে দুটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷ ৰাজেশ্বৰীয়ে অন্তিম অভাৰত ১৯ ৰান ব্যয় কৰে৷

You might also like