নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইকেল ক্লার্কৰ বিবাহ বিচ্ছেদ

51

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিবাহৰ সাত বছৰ পাছত পত্নী কাইলিৰ সৈতে বিবাহ বিচ্ছেদ ঘটিল অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক মাইকেল ক্লার্কৰ৷

৩৮ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে পত্নী কাইলিৰ সৈতে পাৰস্পৰিক বুজাবুজিৰে এই গুৰুত্বপূর্ণ সিদ্ধান্তত উপনীত হোৱা বুলি এক যুটীয়া বিবৃতিত প্রকাশ কৰিছে৷ বিবৃতিত তেওঁলোকে কৈছে যে পৰস্পৰৰ প্রতি সন্মান আৰু শ্রদ্ধাৰে দম্পতীটোৱে ভৱিষ্যতৰ কথা চিন্তা কৰি এই সিদ্ধান্তত উপনীত হৈছে৷

উল্লেখ্য যে ২০১২ৰ মে’ত ক্লার্কে কাইলিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ তেওঁলোকৰ এটি ৪ বছৰীয়া কন্যা শিশুও আছে৷

You might also like