নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালী বিহুৰ দিনাই অসমলৈ আহিল সুখবৰ

254

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ ভোগালী বিহুৰ দিনা ৰাজ্য খনলৈ এটা ভাল খবৰ আহিল। গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়াত ষষ্ঠ দিনা অসমে ৩ টা স্বৰ্ণ পদক সহ ১ টা বঞ্জ পদক লাভ কৰে। সুৰুজিত বৰগোহাঞিয়ে লন ব’লৰ পুৰুষৰ একক শাখাত স্বৰ্ণপদক লাভ কৰে। আনহাতে আনন্দিতা কাকতি, সুমন কুমাৰী পাণ্ডে আৰু সুৰঞ্জনা বৰুৱাই মহিলাৰ লন ব’লৰ তৃতীয় শাখাত শ্বৰ্ণপদক লাভ কৰে। আনহাতে দলীয় শাখাত লন ব’লত স্বৰ্ণ পদক লাভ কৰে শিৱ মহন্ত, সাঞ্জু পাণ্ডে, ৰক্তিম কাশ্যম কলিতা আৰু অভিলেখ সন্দিকৈৰ দলটোৱে স্বৰ্ণ পদক লাভ কৰে। অনুৰ্দ্ধ ২১ বৰ্ষৰ লন ব’লৰ ছোৱালীৰ শাখাত বঞ্জৰ পদক লাভ কৰে জিনু আৰু কাৰিনাই।

You might also like