নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ সুৰক্ষা বিশ্ব ছিৰিজ টি–২০ঃ ৭ মার্চত ৱাংখেড়ে ষ্টেডিয়ামত শচীন–লাৰাৰ মুখামুখি

48

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই মহাৰথী ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্রায়ান লাৰা পুনৰ এবাৰ খেলপথাৰত সমুখ সমৰত নামিব৷ খেলি থকা সময়ত দর্শনীয় বেটিঙেৰে বিশ্বৰ চুকে–কোণে অজস্র ক্রিকেটপ্রেমীৰ হূদয় জয় কৰা কিংবদন্তি দুগৰাকীয়ে অহা ৭ মার্চত মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত পৰস্পৰৰ মুখামুখি হ’ব৷

পথ সুৰক্ষাক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা বিশ্ব ছিৰিজ টি–২০ৰ উদ্বোধনী মেচত ইণ্ডিয়া লিজেণ্ডছ আৰু ৱেষ্ট ইণ্ডিজ লিজেণ্ডছ দলৰ হৈ ক্রমে শচীন আৰু লাৰাই খেলপথাৰত নামিব৷

বৃহস্পতিবাৰে প্রকাশ পোৱা ৰোড ছেফটি বিশ্ব ছিৰিজ টি–২০ৰ সম্পূর্ণ সূচী অনুসৰি অহা ৭ মার্চত ৱাংখেড়েত ভাৰতীয় কিংবদন্তি আৰু ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি খেলুৱৈসকলৰ মাজত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনত মুঠ ১১ খন মেচ খেলোৱা হ’ব৷ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ লগতে অষ্ট্রেলিয়া, শ্রীলংকা আৰু দক্ষিণ আফ্রিকাৰ ৰথী–মহাৰথী ক্রিকেটাৰসকলক প্রতিযোগিতাখনত দেখিবলৈ পোৱা যাব৷

You might also like