নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্টৰ কথা কিয় এনেকৈ ক’লে ছেহৱাগে?

130

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন বিস্ফোৰক অপেনাৰ  বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে উইকেট কীপাৰ হিচাপে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আগবঢ়াই থকা কে এল ৰাহুলক প্ৰশংসা কৰিছে। তাৰে মাজতে ছেহৱাগে কয় দলৰ নিয়মিত উইকেট ৰক্ষক ঋষভ পণ্টে কে এল ৰাহুলৰ পৰা বহু শিকিবলগীয়া আছে লগতে ছেহৱগে পণ্টক কটাক্ষ কৰি  কয় যে ঋষভে কয় যে পৰিস্থিতি হিচাপে খেল প্ৰদৰ্শন কৰে আনহাতে ৰাহুলে মেচ খনত খেলি দেখায়।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয় খন টি-২০ মেচৰ সন্দৰ্ভত বীৰেন্দ্ৰ ছেহৱাগে কয় যে মোৰ ভাল লাগিল যে কে এল ৰাহুলে ৫০ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰিছে। কিন্তু ইয়াৰ আগৰ মেচ খনত যেতিয়া ২০৪ ৰাণৰ লক্ষ্য আছিল তেতিয়া ২৫ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ পৰা এইটো স্পষ্ট যে কে এল ৰাহুলে পৰিস্থিতিৰ অনুকূলে খেলে।

You might also like