নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডক হোৱাইট ৱাছ কৰাৰ ক্ষেত্ৰত টীম ইণ্ডিয়াৰ ৫ জন হিৰ’-

215

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজি মাউণ্ট মাংগানুইত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টি-২০ ত জয়ী হৈ নিউজিলেণ্ডক হোৱাইট ৱাছ কৰিলে টীম ইণ্ডিয়াই । পিচে টি-২০ শৃংখলাটোত ভাৰতে ঘৰৰ মাটিতে নিউজিলেণ্ডক ৫-০ ৰে পৰাস্ত কৰাৰ আঁৰত আছে শৃংখলাটোত কেইজনমান খেলুৱৈৰ সুন্দৰ প্ৰদৰ্শন । আঁহকচোন জানো এওলোক নো কোন কোন ?

ৰোহিত শৰ্মা(Rohit Sharma)

সহ অধিনায়ক ৰোহিত শৰ্মাই শৃংখলাটোৰ প্ৰথম দুখন মেচত সুন্দৰ বেটিঙৰ আগবঢ়োৱাত ব্যৰ্থ হৈছিল যদিও বাকী কেইখন মেচতে সুন্দৰ বেটিং দাঙি ধৰে । গোটেই শৃংখলাটোত ৰোহিতে গড়ে ৪৬.৬৬ হাৰত ১৪০ ৰানৰ বৰঙণি আগবঢ়ায় । উল্লেখ্য যে তৃতীয় টি-২০ ত ৰোহিতে চুপাৰ অভাৰত ২ টাকৈ বৃহৎ ছিক্সাৰ কোবাই ভাৰতীয় দলটোক বিজয়ী কৰিছিল ।

কে এল ৰাহুল(KL Rahul)

গোটেই টি-২০ শংখলাটোত উইকেট কীপাৰৰ ভূমিকা পালন কৰা কে এল ৰাহুলৰ প্ৰদৰ্শন এইবাৰ লেখত ল’বলগীয়া আছিল । ৰাহুলে শৃংখলাটোত বিধ্বংসী বেটিঙৰ সহায়ত ৫৬.০০ গড়ে ২২৪ ৰান সংগ্ৰহ কৰে । য’ত ২ টা অৰ্ধশতকো অন্তৰ্ভুক্ত হৈ আছে । ইয়াৰ লগতে অন্তিমখন টি-২০ ত অধিনায়কৰ ভূমিকাও পালন কৰা দেখা গৈছিল ।

শ্ৰেয়াছ আয়াৰে(Shreyas Iyer)

নৱাগত খেলুৱৈ শ্ৰেয়াছ আয়াৰে এই শৃংখলাটোত নিজৰ কৰ্তব্য অতি সুন্দৰ ভাৱে পালন কৰা দেখা গ’ল । ৪ নম্বৰ স্থানত খেলিলৈ সুযোগ পোৱা শ্ৰেয়াছে এটা অৰ্ধশতকৰ দ্বাৰা ৫ খন মেচত ৫১.০০ গড়ে ১৫৩ ৰান সংগ্ৰহ কৰে । য’ত প্ৰথম মেচখনত তেওঁ ‘মেন অৱ দ্যা মেচ’ৰ সন্মান লাভ কৰিছিল ।

যশপ্ৰীত বুমৰাহ(Jasprit Bumrah) 

ষ্টাৰ ক্ৰিকেটাৰ তথা য়ুকাৰৰ বাবে বিখ্যাত যশপ্ৰীত বুমৰাহে প্ৰায় ৬ মাহৰ বিৰতিৰ পাছত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয় । গোটেই শৃংখলাটোত বুমৰাহে ৬ টা উইকেট দখল কৰে । ইফালে অন্তিম টি-২০ ত বুমৰাহে ‘মেন অৱ দ্যা মেচ’ৰ সন্মান লাভ কৰে ।

ছাৰ্দুল ঠাকুৰ(Shardul Thakur)

টীম ইণ্ডিয়াৰ বেগী ব’লাৰ ছাৰ্দুল ঠাকুৰে শৃংখলাটোত ৮ টা উইকেট দখল কৰি সৰ্বাধিক উইকেট দখলকাৰী ব’লাৰ ৰূপে পৰিগণিত হয় । উল্লেখ্য় যে চতুৰ্থ টি-২০ ত নিউজিলেণ্ডক অন্তিম অভাৰত ৭ ৰানৰ প্ৰয়োজন আছিল, কিন্তু ছাৰ্দুলে সুন্দৰ বলিঙৰ সহায়ত মাত্ৰ ৬ ৰানহে দিয়ে । যাৰ বাবে মেচখন টাই হয় আৰু শেষত ভাৰতে মেচখন ছুপাৰ অভাৰত জয় লাভ কৰে ।

You might also like