নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নর্থ ইষ্টৰ সন্মুখত আজি ওড়িশা

37

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা আঁতৰি অহা নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ আজি ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হ’ব লগা মেচখনত ঘৰুৱা দল ওড়িশা এফ চিৰে মুখামুখি হ’ব৷

১৫ খন মেচ খেলি ১৩ পইণ্টেৰে নর্থ ইষ্টে সম্প্রতি তালিকাৰ নৱম স্থানত আছে৷ দলীয় লীগত এতিয়াও তিনিখন মেচ খেলিবলৈ বাকী আছে৷ ইফালে, অংকৰ সমীকৰণেৰে ওড়িশাৰ প্লে অফৰ দুৱাৰ মুকলি আছে৷ দুখন মেচ খেলিবলৈ বাকী থকা ওড়িশাই দুয়োখন মেচতে জয়লাভ কৰিলে প্লে অফত খেলাৰ সম্ভাৱনা আছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like