নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতা সম্পন্ন

41

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতাৰ বৃহস্পতিবাৰে নগাঁও জিলা ভিত্তিক এথলেটিকছ ইভেণ্টটো নগাঁৱৰ ৰত্নকান্ত হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়৷ জিলাখনৰ শতাধিক মহিলা প্রতিযোগীয়ে অংশ লোৱা ইভেণ্টটোৰ ১০০ মিটাৰত লাকী শইকীয়া, হিমাদ্রী গোহাঁই, ২০০ মিটাৰত অংকিতা শইকীয়া, ১৫০০ মিটাৰত আৰতি শইকীয়া, ৮০০ মিটাৰত পাহি কেওঁট, পাৰবিনা খাতুন, ৪০০ মিটাৰত জুলি শইকীয়া, ডিছকাছ থ্র’ত সোণমিলি টিমুংপি, ছায়া বৰদলৈ, শ্বটপুটত ইৰামণি বৰদলৈ, নিতুপর্ণা বৰদলৈ, জেভলিন থ্র’ত মম্পিয়া দাসে ৰাজ্যিক পর্যায়ৰ প্রতিযোগিতালৈ নির্বাচিত হৈছে৷ বিজয়ীসকলক ট্রফী আৰু মানপত্র প্রদান কৰা হয়৷

আনফালে কামৰূপ জিলাৰ বকোত বকো উন্নয়ন খণ্ডৰ অন্তর্গত এলেকাৰ মহিলা খেলুৱৈসকলৰ দ্বাৰা বকো হাইস্কুল খেলপথাৰত আয়োজন কৰা হৈছিল মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতা৷ বিভিন্ন ইভেণ্টৰ পৰা মুঠ ১৩গৰাকী খেলুৱৈ নির্বাচন কৰা হয়৷ মহিলাৰ দৌৰ, ডিছকাছ থ্র’, জেভলিন থ্র’, শ্বটপুট আদি ইভেণ্টৰ পৰা বকো উন্নয়ন খণ্ডৰ খেলুৱৈক নির্বাচিত কৰা হয়৷

You might also like