নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেলিব্রিটীৰ ব্রেণ্ড মূল্যায়ন তালিকাৰ শীর্ষত কোহলি

54

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ক্রিকেট ফিল্ডত দেখুওৱা উচ্চ প্রদর্শনৰ বাবে প্রায়েই বাতৰিৰ শিৰোনামত থাকে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি৷ ভাৰতীয় ক্রিকেটত কোহলিয়ে অসামান্য অৱদান আগবঢ়াইছে৷ সেয়াই নহয়, ভাৰতীয় অধিনায়কজনৰ ব্রেণ্ড মূল্যায়নো অত্যন্ত বেছি৷

গ্ল’বেল এডভাইজ’ৰী ফার্মৰ এক সমীক্ষাত প্রকাশ পোৱা মতে ২০১৯ চনত তেওঁৰ ব্রেণ্ড মূল্যায়ন ৩৯ শতাংশ বৃদ্ধি পাই ধনৰাশি ২৩৭.৫ মিলিয়ন ডলাৰ হয়গৈ৷ এই পৰিসংখ্যাৰে তেওঁ তৃতীয় বছৰৰ বাবে তালিকাত শীর্ষস্থান লাভ কৰিলে৷ কোহলিৰ পিছতে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে অক্ষয় কুমাৰ (১০৪.৫ মিলিয়ন ডলাৰ) আৰু দীপিকা পাডুকন (৯৩.৫ মিলিয়ন ডলাৰ)৷ ইয়াৰ পিছতে স্থান পাইছে ৰণবীৰ সিং, শ্বাহৰুখ খান, এম এছ ধোনী আৰু শচীন তেণ্ডুলকাৰে৷

You might also like