নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইক্লিঙত স্বর্ণ জিনিলে পাণ দোকানীৰ পুত্র দীনেশে

33

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ  যুৱ খেলুৱৈৰ প্রতিভা প্রদর্শনৰ উপযুক্ত মঞ্চ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট চাইক্লিং কালিৰে পৰা সোণাপুৰত আৰম্ভ হৈছে৷ এই ইভেণ্টৰ প্রথম দিনা মহাৰাষ্ট্র, ৰাজস্থান আৰু উৰিষ্যাৰ চাইক্লিষ্টে আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে ঘৰুৱা দল অসমে স্থানীয় ক্রীড়ানুৰাগীৰ প্রত্যাশা পূৰণ কৰাত ব্যর্থ হয়৷

এই চাইক্লিঙৰ ২১ বছৰ অনূর্ধ্ব ল’ৰাৰ ব্যক্তিগত টাইম ট্রায়েলৰ ৩০ কিঃমিঃ ৰেচত উৰিষ্যাৰ দীনেশ কুমাৰে স্বর্ণ জয় কৰে৷

উল্লেখ্য যে খেলো ইণ্ডিয়া য়ুথ গেমছত প্রথমবাৰৰ বাবে অন্তর্ভুক্ত হোৱা চাইক্লিঙত স্বর্ণ বিজয়ী তেওঁ হ’ল প্রথমগৰাকী খেলুৱৈ৷

ভুবনেশ্বৰৰ অতি ভিতৰুৱা অঞ্চলৰ এগৰাকী পাণ দোকানীৰ সন্তান দীনেশ কুমাৰে অতি কষ্ট আৰু অধ্যৱসায়েৰে আগবাঢ়ি চাইক্লিং জগতত প্রতিভাৰ চমক দিবলৈ সক্ষম হৈছে৷ এই ইভেণ্টত অসমৰ মনীষ ডাংগিয়ে অষ্টম আৰু দীপক সিঙে দশম স্থান লাভ কৰে৷

ইফালে, ২১ বছৰ অনূর্ধ্ব ছোৱালীৰ ২০ কিঃমিঃ ৰেচত মহাৰাষ্ট্রৰ মধুৰা ৱেকাৰে স্বর্ণ জয় কৰিবলৈ সক্ষম হয়৷ উক্ত ইভেণ্টত অসমৰ জুমি ওৰাঙে অষ্টম স্থানতে সন্তুষ্ট থাকে৷ একেদৰে ল’ৰাৰ ১৭ বছৰ অনূর্ধ্বৰ ২০ কিঃমিঃ ৰেচত ৰাজস্থানৰ মুকেশ কুমাৰ কাছৱানে সোণৰ পদক জয় কৰাৰ বিপৰীতে ঘৰুৱা দল অসমৰ ৰিমাঞ্জু ৰয়ে চতুর্থ আৰু সর্বেশ্বৰ ডেকাই সপ্তম স্থান লাভ কৰে৷

ইফালে, ছোৱালীৰ ১৭ বছৰ অনূর্ধ্বৰ ১৫ কিঃমিঃ ৰেচত মহাৰাষ্ট্রৰ পূজা ডানলেই শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হয়৷ এই ইভেণ্টটোত অসমৰ ধন কুমাৰ শ্রেষ্ঠাই ষষ্ঠদশ আৰু ভায়’লিনা ক্র’ৱে সপ্তদশ স্থানতে সন্তুষ্ট থাকে৷

You might also like