নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ মাটিত হোৱাইট ৱাছ নিউজিলেণ্ড; ৫-০ ৰে শৃংখলা দখল ভাৰতৰ

751

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ঘৰৰ মাটিতে আজি নিউজিলেণ্ডক হোৱাইট ৱাছ কৰিলে টীম ইণ্ডিয়াই । মাউণ্ট মাংগানুইত অনুষ্ঠিত এই অন্তিমখন টি-২০ ত প্ৰথমে টছত জয়ী হৈ ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লয় । নিৰ্ধাৰিত অভাৰত ভাৰতে ৩ টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক ৬০ ৰান কৰি ভৰিৰ আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰে । লগতে কে এল ৰাহুলে ৪৫ ৰ বৰঙণি আগবঢ়ায় ।

ইফালে ১৬৩ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা নিউজিলেণ্ডে এটা সময়ত ১৭ ৰানতে ৩ টাকৈ উইকেট হেৰুৱাই সংকটত পৰে । অৱশ্যে ৰছ টেইলৰ আৰু উইকেট কীপাৰ বেটছমেন টীম চেইফৰ্টে অৰ্ধশতক কৰি নিউজিলেণ্ড দলটোক সৱল স্থিতিত উপনিত কৰাইছিল যদিও অৱশেষত ঘৰুৱা ভূমিত হোৱাইট ৱাছ হোৱাৰ পৰা ৰক্ষা নপৰে নিউজিলেণ্ড ।

খেলৰ শেষত যশপ্ৰীত বুমৰাহক ‘মেন অৱ দ্যা মেচ’ৰ সন্মান আগবঢ়োৱাৰ বিপৰীতে ‘মেন অৱ দ্যা চিৰিজ’ৰ সন্মান আগবঢ়োৱা হয় লোকেশ ৰাহুললৈ ।

You might also like