নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংক সত্ত্বেও কঠোৰ অনুশীলনত ব্যস্ত ভাৰতীয় হকী দল

38

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী ক’ৰোনা ভাইৰাছ সত্ত্বেও আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল ।

২৬ জুলাইৰ পৰা ৯ আগষ্টলৈকে জাপানৰ টকিঅ’ ত হ’বলগীয়া বিশ্ব ক্ৰীড়াৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনলৈ পূৰ্ণোদম্য প্ৰস্তুতি চলাইছে দল দুটাই । অৱশ্যে মহামাৰীবিধৰ প্ৰতিৰোধৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিহে তেওঁলোকে অনুশীলন চলাইছে বুলি জনায় অধিনায়ক মনপ্ৰীত সিঙে ।

অধিনায়ক মনপ্ৰীত সিঙে কয় যে- “আমি নিয়মিত ভাৱে হাত ধোৱাৰ লগতে শৰীৰ উষ্ণতাও নিয়মিতভাৱে পৰীক্ষা কৰি আছো । ক’ৰোনাক প্ৰতিৰোধৰ বাবে আমি সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ ।”

আনহাতে ক’ৰোনাৰ আতংকৰ সত্ত্বেও ভাৰতীয় হকী দল দুটাই কৰা অনুশীলনে স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে ।

You might also like