নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ৰিয়েল মাদ্রিদৰ প্রাক্তন সভাপতিৰ

72

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংকই বিশ্ববাসীক ত্রস্তমান কৰাৰ সময়তে এই মাৰাত্মক ৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে ৰিয়েল মাদ্রিদৰ প্রাক্তন সভাপতি ল’ৰেঞ্জো ছানজে ৷ ১৯৯৫ৰ পৰা ২০০২ চনলৈ ৰিয়েল মাদ্রিদ দলৰ সভাপতিৰ দায়িত্ব পালন কৰা ল’ৰেঞ্জোৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ ৷ ক’ৰোনা ভাইৰাছৰ লক্ষণ প্রত্যক্ষ কৰাৰ পিছত তেওঁক যোৱা মঙলবাৰে মাদ্রিদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ সভাপতি হৈ থকাৰ সময়ত ৰিয়েল মাদ্রিদৰ হৈ দুবাৰ চেম্পিয়নছ লীগ আৰু এবাৰ লা লিগাৰ খিতাপ জয় কৰা ল’ৰেঞ্জোৰ মৃত্যুৰ কথা আজি আনুষ্ঠানিকভাৱে সদৰী কৰে তেওঁৰ পুত্র তথা প্রাক্তন বাস্কেট বল খেলুৱৈ ছানজ জুনিয়ৰে৷ মন কৰিবলগীয়া যে স্পেইনত এই পর্যন্ত ক’ৰোনা ভাইৰাছে ১,৩৫০গৰাকী ব্যক্তিৰ প্রাণ লৈছে৷ ৰিয়েল মাদ্রিদৰ অধিনায়ক তথা স্পেইনৰ আন্তঃৰাষ্ট্রীয় তাৰকা ছার্জি’ ৰামোছো সম্প্রতি ক’ৰোনা ভাইৰাছৰ আতংকত ভুগিছে৷ সতীর্থৰ সৈতে তেওঁ এতিয়া ১৪ দিনৰ স্বনির্বাসনত আছে ৷

You might also like