নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ ৰে যুঁজ দিছে অলিম্পিকত স্বর্ণ বিজয়ী সাঁতোৰবিদ কেমেৰুনে

84

নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ বিশ্বৰ সর্বত্র আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হৈছে অলিম্পিকত স্বর্ণ বিজয়ী দক্ষিণ আফ্রিকাৰ তাৰকা সাঁতোৰবিদ কেমেৰুন ভান ডাৰ বার্গ ৷ যোৱা ১৪ দিন ধৰি এই ভাইৰাছৰ সৈতে তেওঁ যুঁজ দি আছে বুলি ৩১ বছৰীয়া সাঁতোৰবিদগৰাকীয়ে সোমবাৰে টুইটাৰত প্রকাশ কৰিছে ৷ ক’ভিড–১৯ক বিশ্বৰ অন্যতম ভয়াৱহ ভাইৰাছ হিচাপে আখ্যা দি কেমেৰুনে কৈছে যে যোৱা কেইদিনত তেওঁ উশাহ–নিশাহত যথেষ্ট কষ্ট অনুভৱ কৰিছে ৷ ভাইৰাছত আক্রান্ত হোৱাৰ বাবে সম্প্রতি তেওঁ টকিঅ’ অলিম্পিকলৈ প্রস্তুতি চলাব পৰা নাই বুলিও সাঁতোৰবিদগৰাকীয়ে জানিবলৈ দিয়ে ৷ মন কৰিবলগীয়া যে ২০১২ৰ গ্রীষ্মকালীন অলিম্পিকত কেমেৰুন ভান ডাৰ বার্গে ১০০ মিটাৰ ব্রেষ্ট ষ্ট্রোকত সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল ৷

You might also like