নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এ ইৰ সঞ্চালক নিযুক্ত ৰবীন সিং

57

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্রাক্তন অলৰাউণ্ডাৰ ৰবীন সিঙক ইউনাইটেড আৰব এমিৰেটছ ক্রিকেটৰ সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছে৷ ৫৬ বছৰীয়া একালৰ বাঁওহতীয়া বেটছমেনগৰাকীৰ নিযুক্তিৰ বিষয়ে বুধবাৰে ইউ এ ই ক্রিকেট ব’র্ডে সদৰী কৰে৷

ইউ এ ই দলটোৱে যোৱা বছৰৰ চাঞ্চল্যকৰ ফিক্সিং কেলেংকাৰিৰ কলংকৰ পৰা উদ্ধাৰ পোৱাৰ চেষ্টা চলাই থকাৰ সময়তে ভাৰতৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে দলটোৰ গুৰুদায়িত্ব লাভ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like