নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটঃ ছেমিত ভাৰত–পাকৰ মুখামুখি

358

নিয়মীয়া বাৰ্তা, ২ ফেব্রুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই চিৰন্তন বৈৰী ভাৰত–পাকিস্তান পুনৰ এবাৰ ক্রিকেটৰ পথাৰত মুখামুখি হ’ব ৷ যোৱা বছৰৰ আই চি চি এদিনীয়া বিশ্বকাপত বিৰাট কোহলি বাহিনীয়ে পাকিস্তানক বিধ্বস্ত কৰাৰ পিছত এইবাৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ছেমিফাইনেলত দুই চুবুৰীয়া ৰাষ্ট্র পুনৰ সমুখ সমৰত নামিব ৷ ভাৰতে যোৱা মঙলবাৰে অষ্ট্রেলিয়াক ৭৪ ৰানত পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছিল৷ ইয়াৰ পিছত কালি পাকিস্তানে আফগানিস্তানক হৰুৱাই ছেমিফাইনেললৈ উন্নীত হয়৷ অহা মঙলবাৰে খিতাপ যুঁজত প্রৱেশ কৰাৰ লক্ষ্যৰে চিৰপ্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানে প্রথমখন ছেমিফাইনেল খেলিব৷ উল্লেখ্য যে ২০০৬ৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত পাকিস্তানে ভাৰতক পৰাস্ত কৰি চেম্পিয়ন হৈছিল৷ এইপর্যন্ত পাকিস্তানে দুবাৰ আৰু ভাৰতে মুঠ চাৰিবাৰ প্রতিযোগিতাখনত খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ যোৱাবাৰৰ চেম্পিয়ন পৃথ্বি শ্ব’ নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৰ পদাংক অনুসৰণ কৰি এইবাৰো প্রিয়ম গার্গ বাহিনীয়ে চলিত বিশ্বকাপত সুন্দৰ প্রদর্শনেৰে খিতাপ জয়ৰ প্রবল দাবীদাৰ হৈ উঠিছে৷ অৱশ্যে ইয়াৰ বাবে দলটোৱে প্রথমে মঙলবাৰৰ ছেমিত পাকিস্তানৰ প্রত্যাহ্বান অতিক্রম কৰিব লাগিব ৷

You might also like