নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতিকাৰ ২০ বৰ্ষতেই হয় মহামাৰীঃ ১৭২০,১৮২০,১৯২০ আৰু এতিয়া ২০২০

2,059

ক’ৰোনা ভাইৰাছ । ২০২০ বৰ্ষৰ আৰম্ভণিতে বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছ । বিশ্ব স্বাস্থ্য সংস্থাই অৱশ্যে ক’ৰোনা অথবা ক’ভিড ১৯ ক মহামাৰীত কৈও ভয়ংকৰ আখ্যা দিছে । এই পৰ্যন্ত বিশ্বত তিনি লক্ষাধিক লোক আক্ৰান্ত হোৱা ক’ৰোনাই নিতৌ শিপাইছে এখনৰ পৰা অন্য এখন দেশ । ভাৰতবৰ্ষতো প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । শেহতীয়াভাৱে ভাৰতবৰ্ষত পোহৰলৈ অহা সামাজিক সংক্ৰমণৰ ঘটনাই এতিয়া ভয়াৱহ পৰিস্থিতিৰ ইংগিত দিছে ।

অৱশ্যে বিশ্বত ক’ৰোনাই প্ৰথম মহামাৰী নহয় । ইয়াৰে পূৰ্বেও বিশ্বত আন কেইবাটাও মহামাৰী ৰোগে জোকাৰি গৈছিল মানৱ প্ৰজাতিক । কিন্তু সবাতোকৈ আচৰিত কথাটো হ’ল যে প্ৰত্যেক শতিকা অথবা শতাব্দীৰ ২০ বৰ্ষটোতে পৃথিৱীত মহামাৰীয়ে দেখা দিয়ে আৰু মৃত্যু হয় কোটি কোটি লোকৰ । ২০২০ বৰ্ষৰ ক’ৰোনাৰ পূ্ৰ্বেও ১৭২০, ১৮২০ আৰু ১৯২০ চনত পৃথিৱীক জোকাৰি গৈছিল কেইটামান মহামাৰীয়ে ।

১৭২০ চনত ফ্ৰান্সত প্ৰাৰ্দুভাৱ ঘটিছিল মহামাৰী প্লেগৰ । সমগ্ৰ ফ্ৰান্সত মাত্ৰ ২ টা বছৰৰ ব্যৱধানত মৃত্যু হৈছিল প্ৰায় ৫০ হাজাৰ লোকৰ । সমগ্ৰ পৃথিৱীত এই মহামাৰী প্লেগে প্ৰাণ কাঢ়িছিল ১০ লক্ষ লোকৰ ।

এতিয়া আহো ১৮২০ চনলৈ । ১৮২০ চনত সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰে কলেৰাই । কলেৰাৰ ফলত মূলত দৰিদ্ৰ লোকসকলৰ মৃত্যু হাৰ আছিল সৰ্বাধিক । সেই সময়ত ভাৰতত বসবাস কৰা ইউৰোপীয় সকলৰ ওপৰত অৱশ্যে প্ৰভাৱ পেলাব পৰা নাছিল কলেৰাই । কলেৰাৰ ফলতেই বিশ্বত ১৮২০ বৰ্ষত মৃত্যু হৈছিল হাজাৰ হাজাৰ লোকৰ ।

২০২০ ৰ ১০০ বছৰ পূৰ্বে অৰ্থাৎ ১৯২০ চনতো পৃথিৱীক জোকাৰি গৈছিল এক মহামাৰী ব্যাধিয়ে । স্পেনিছ ফ্লু নামৰ এক মহামাৰীৰ কৱলত পৰি বিশ্বৰ ১ কোটি ৭০ লাখ লোকৰ মৃত্যু হোৱাৰ লগতে এই মহামাৰীৰ ভাইৰাছত আক্ৰান্ত হৈছিল ৫০ কোটি লোক ।

প্ৰতি এশ বছৰৰ ব্যৱধানত বিশ্বৰ বুকুলৈ অহা এই মহামাৰীৰ কাৰণ কি ? চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নয়ন আৰু নতুন প্ৰযুক্তিয়ে এই মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুতত সফল হ’ব সেয়া নিশ্চিত । কিন্তু প্ৰতি ১০০ বছৰৰ ব্যৱধানত বিশ্বক জোকাৰি যোৱা এই মহামাৰীৰ ৰহস্য কি ? ১৭২০ ৰ পৰা ২০২০ লৈ এই ঘটনাক্ৰম কাকতালীয় হিচাপে অনুভৱ কৰিলেও কিন্তু ৩০০ বছৰীয়া এই ইতিহাসে নিশ্চয় আপোনাকো জোকাৰি গৈছে ।

You might also like