নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপিকা পাডুকনঃ প্রশংসা–সমালোচনা–বিতৰ্ক…

- পূর্বজ্যোতি চুতীয়া

40

এটা শব্দও তেওঁ উচ্চাৰণ নকৰিলে৷ ইয়াৰ প্রয়োজনো নাছিল৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) তেওঁ প্রতিবাদী ছাত্র–ছাত্রীৰ মাজত ভাতৃত্ববোধ প্রদর্শনৰ বাবে উপস্থিত হৈছিল৷ সংহতিৰ বার্তা প্রেৰণ কৰাৰ বাবে তেওঁৰ নীৰৱ উপস্থিতিয়েই আছিল যথেষ্ট৷ বলীউডৰ অভিনেত্রী দীপিকা পাডুকনে পাৰ হৈ যোৱা সপ্তাহটোত তেওঁৰ এই বলিষ্ঠ পদক্ষেপেৰে ছ’চিয়েল মিডিয়াত খলকনি তুলিলে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত অভিনেত্রীগৰাকীক লৈ চলিল তুমুল চর্চা৷ দীপিকাক প্রশংসাৰে ওপচাই দিয়া হ’ল৷ তাৰ লগতে প্রায় সমানে সমালোচনাৰ জোৱাৰ৷ এই বিতর্ক এতিয়াও মাৰ যোৱা নাই৷

দীপিকা পাডুকন

নিজৰ নতুন ছবি ‘চপাক’ৰ প্রচাৰৰ বাবেই এয়া চমক সৃষ্টিৰ প্রয়াস আছিল নেকি? অভিযোগটো লগে লগেই উঠিছিল৷ কিন্তু ছবিৰ প্রচাৰৰ বাবে প্রকৃততে দীপিকা পাডুকনে জে এন ইউলৈ গৈ মূৰত বেণ্ডেজ মৰা ছাত্র–নেত্রী ঐশী ঘোষ আৰু আন আহত ছাত্রসকলৰ মাজত থিয় হোৱাৰ কিবা প্রয়োজনীয়তা আছিলনে? ছবিৰ প্রচাৰৰ বাবে দীপিকাৰ আন বহুতো পথ আছিল৷ অনুৰাগীয়ে তেওঁৰ পিছে পিছে লানি নিছিগা ভিৰ কৰিবলৈ এটা সাধাৰণ অনুষ্ঠানেই যথেষ্ট৷ ইয়াৰ পাছত আগতীয়া কোনো ঘোষণা নকৰাকৈ নিশা জে এন ইউত উপস্থিত হৈ শ শ ছাত্রৰ মাজত নির্বাক দর্শক হৈ ৰোৱাৰ প্রয়োজন নিশ্চয় নাছিল৷ নিশাৰ সেই ঘটনাটোৱে অন্তৰ স্পর্শ কৰিছিল সচেতন নাগৰিকৰ৷ তীব্র প্রতিবাদী কণ্ঠতকৈ শক্তিশালী আছিল দীপিকাই জে এন ইউত কটোৱা মুহূর্তকেইটা৷ তেওঁৰ এই পদক্ষেপে জোকাৰি গ’ল বলীউডকো৷ আলিগড় মুছলিম বিশ্ববিদ্যালয়, জে এন ইউ আৰু আন উচ্চ শিক্ষা প্রতিষ্ঠানত শিক্ষার্থীৰ প্রতি চৰম অন্যায়ৰ পাছতো প্রতিক্রিয়াহীন বলীউডৰ তাৰকা–মহাতাৰকা৷ কথাটো সকলোৱেই মন কৰিছিল৷ ইয়াৰ মাজতেই দীপিকাই এই সাহসী পদক্ষেপে যেন ছবি উদ্যোগক টোপনিৰ পৰা সাৰ পোৱাই দিলে৷
বিজেপিৰ একাংশ নেতাই মুকলিকৈ দীপিকা পাডুকনক সমালোচনা কৰিছে৷ কেন্দ্রীয় মন্ত্রী কৈলাস চৌধুৰীয়ে কয় যে দেশক ভাগ ভাগ কৰিব খোজা শক্তিক সংগ প্রদান কৰিছে পাডুকনে৷ বিজেপিৰ একাংশ নেতাই এইবুলিও প্রতিক্রিয়া প্রকাশ কৰে যে ‘টুকড়ে টুকড়ে গেং’ৰ সৈতে দীপিকাই নতুন ছবিৰ স্বার্থতে চামিল হৈ পৰিছে৷ স্মৃতি ইৰাণীৰ মতে ২০১২ চনৰ পৰা দীপিকাৰ কংগ্রেছৰ সৈতে সম্পর্ক আছে আৰু সেয়ে তেওঁ জে এন ইউৰ আন্দোলনকাৰী ছাত্রক সমর্থন কৰাটো অলপো আশ্চর্যজনক নহয়৷ অৱশ্যে বিজেপি নেতাসকলৰ এনে ব্যক্তিগত আক্রোশপূর্ণ মন্তব্যৰ মাজতে হস্তক্ষেপ কৰি কেন্দ্রীয় মন্ত্রী তথা দলৰ মুখপাত্র প্রকাশ জাভাড়েকাৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ ভাষ্য দলীয় ভাষ্য নহয়৷ যিকোনো মানুহে যিকোনো স্থানলৈ গৈ নিজৰ মতামত ব্যক্ত কৰাত কোনো বাধা নাই বুলি জাভাড়েকাৰে চৰকাৰী ভাষ্য প্রদান কৰে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে দীপিকা পাডুকনৰ এই পদক্ষেপে তেওঁৰ ছবিৰ প্রচাৰ কৰক বা নকৰক চৰকাৰৰ বৰঘৰত কিন্তু নিশ্চিতভাৱে জোকাৰণি তুলিলে৷ দীপিকাৰ সমর্থনত বহুতেই মাত মাতিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ৰিজার্ভ বেংকৰ প্রাক্তন গৱর্নৰ ৰঘুৰাম ৰাজন৷ দীপিকাৰ নাম নোলোৱাকৈ ৰাজনে কয় যে বলীউডৰ অভিনেত্রীগৰাকীয়ে তেওঁৰ নীৰৱ প্রতিবাদৰ দ্বাৰা দেশত প্রকৃততে কি ঘটি আছে, তাৰ ওপৰত গুৰুত্ব সহকাৰে চিন্তা কৰিবলৈ সকলোকে উৎসাহিত কৰিলে৷ ইয়াৰ ফলত তেওঁৰ নতুন ছবিত উপস্থিতিৰ সংখ্যা হ্রাস পোৱাৰ আশংকাও নথকা নহয়৷ কিন্তু এনে আশংকা সত্ত্বেও তেওঁ জে এন ইউত দুর্বৃত্তৰ আক্রমণৰ বলি হোৱা ছাত্র–ছাত্রীৰ মাজত উপস্থিত হ’ল৷ দীপিকাৰ এই সাহসী পদক্ষেপৰ আলমতে তেওঁ কয় যে যুৱ প্রজন্মই তেওঁলোকৰ কার্যৰ দ্বাৰা দেখুৱাই দিছে যে সত্য, স্বাধীনতা, ন্যায় আদি শব্দবোৰ কেৱল ডাঙৰ শব্দ নহয়, ইয়াৰ বাবে আত্মবলিদান দিব পৰাটোও ডাঙৰ কথা৷ যিখন ভাৰতৰ বাবে মহাত্মা গান্ধীয়ে জীৱন দান দিছে, সেইখন ভাৰতৰ বাবে তেওঁলোকে আজি যুঁজিছে৷ তেওঁলোকে স্বাধীনতা সংগ্রাম দেখা নাছিল৷ কিন্তু সেই স্বাধীনতাক সংৰক্ষণ কৰিবলৈ তেওঁলোক ওলাই আহিছে৷ যেতিয়া নৱপ্রজন্মৰ হাতত হাত ধৰি ওলাই আহে, তেতিয়া সকলোৱে অনুভৱ কৰে যে ভাৰতৰ সংবিধান এতিয়াও শক্তিশালী৷

আনহাতে, একাংশই ‘চপাক’ক বর্জনৰ আহ্বান জনাই তালিবানী মনোবৃত্তি স্পষ্ট কৰি দিয়া বুলি শিৱসেনাই বিবৃতি প্রদান কৰিছে৷ দলটোৰ নেতা সঞ্জয় ৰাউটৰ মতে বর্জনৰ এই আহ্বানক কোনেও সঁহাৰি নজনায়৷ কাৰণ ‘চপাক’ বাস্তৱিকতেই এখন সুন্দৰ ছবি৷ নিজেই প্রযোজনা কৰা ছবিখনত এচিড আক্রমণৰ বলি এগৰাকী যুৱতীৰ মূল চৰিত্রত বলিষ্ঠ অভিনয় কৰিছে দীপিকাই৷ ছবিখনৰ নামটোক লৈও হৈছে চর্চা৷ ‘চপাক’ শব্দটোৰ মাজত আছে এক মাদকতা৷ ইয়াৰ অর্থ হ’ল পানীৰ ছিটিকনি(Splash)৷ এগৰাকী যুৱতীৰ মুখত এচিড ছটিয়াই দিছে প্রত্যাখ্যাত প্রেমিকে৷ ইয়াৰ পাছত এই সাহসী যুৱতীৰ দুর্বিষহ জীৱন সংগ্রাম, য’ত তেওঁ হাৰ মানিবলৈ কোনোপধ্যে ৰাজি নহয়৷ নিজৰ কর্মই হ’ল শিল্পীৰ প্রতিবাদৰ আটাইতকৈ ডাঙৰ অস্ত্র৷ ‘চপাক’ৰ অভিনয়েৰে দীপিকাৰ এইপাট অস্ত্র আৰু তীক্ষ্ণ তথা শক্তিশালী হৈ উঠিব পাৰে৷

বলীউডত দীপিকাৰ বহু হিট ছবি আৰু তেওঁৰ অভিনয়ক লৈ এই সৰু লেখাটোত উল্লেখ কৰাটো পাঠকৰ বাবে আমনিদায়ক হ’ব৷ এটা কথাই ক’ব পাৰি যে কোপেনহেগেনত জন্মগ্রহণ কৰি বাংগালুৰুত ডাঙৰ–দীঘল হোৱা দীপিকাই মডেলিং আৰু অভিনয় জগতত আৰম্ভণিৰে পৰাই সৃষ্টি কৰা চমক অম্লান হৈ ৰৈছে৷ দেশৰ বিশ্বখ্যাত বেডমিণ্টন খেলুৱৈ প্রকাশ পাডুকনৰ এই ৩৩ বছৰীয়া দুহিতাই দেখুৱাই দিলে যে বলীউডৰ তাৰকাসকল কেৱল চেলুলয়ডৰ ৰঙীন জগতৰ মাজতেই বিভোৰ হৈ থাকিলে নহ’ব৷ সমাজৰ প্রতিও তেওঁলোকৰ কর্তব্য আছে আৰু এই কর্তব্য তেওঁলোকে পালন কৰিবই লাগিব৷ সামাজিক দায়বদ্ধতা অবিহনে কোনো প্রকৃত শিল্পী হ’ব নোৱাৰে৷ দীপিকাৰ মতাদর্শ ৰাজনৈতিকভাৱে ভুল নে শুদ্ধ সেইটো ডাঙৰ কথা নহয়৷ কিন্তু তেওঁ সামাজিক দায়বদ্ধতাৰেই সমুখলৈ ওলাই অহাৰ সাহস প্রদর্শন কৰিলে৷

You might also like