নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনগোষ্ঠীয় ভাষা-সাহিত্যক আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিয়া হ’ব

সাক্ষাৎগ্ৰহণঃ মণিকংকনা দাস

120

বিগত কিছুবছৰৰ পৰা দেখা গৈছে যে অসম সাহিত্য সভা আৰু বিতর্ক যেন একেটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ সকলোৰে কামনা– নৱগঠিত সমিতিখনে এই বিতর্কৰ অন্ত পেলাওক৷ অসম সাহিত্য সভাৰ উপ–সভাপতি হিচাপে সভাৰ অইন বিষয়া সমন্বিতে শাখা সাহিত্য সভাসমূহলৈ আপুনি কি বার্তা প্রেৰণ কৰিব অথবা আপোনাৰ আহ্বান কি হ’ব?
– আমি আজীৱন সাহিত্য সেৱাত ব্রতী হৈ আছোঁ৷ সাহিত্য সভাত যাতে কোনেও বিতর্কৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি অহোপুৰুষার্থ কৰি আহিছোঁ৷ তৎসত্ত্বেও কিছুমানে ভিতৰত নোসোমোৱাকৈয়ে, কাম–কাজবোৰ নোচোৱাকৈয়ে অসম সাহিত্য সভাখনক লৈ বিতর্কিত মন্তব্য কৰে৷ কিন্তু আমি অসম সাহিত্য সভাৰ যাৱতীয় কাম–কাজ, অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ ৰক্ষাৰ বাবে চৰাঞ্চলকে ধৰি সমগ্র অসমতে সংগঠনক দায়িত্ব পালন কৰি আহিছোঁ৷ তথাপিও কিছুমান বিতর্কই এৰা নিদিয়া হৈছে সাহিত্য সভাক৷ যোৱা কিছুবছৰৰ পৰা সাহিত্য সভাৰ ভিতৰত আমি কার্যনির্বাহকৰ মুষ্টিমেয় কেইজনমান কর্মীয়ে কাম কৰি আছোঁ৷ বিতর্ক কৰি থকাসকলক কিন্তু সময়ত দেখা নাপাওঁ৷ বর্তমান অৱস্থাত অসম সাহিত্য সভাই এটি ইতিবাচক ভূমিকাৰে সমস্ত বিষয়ৰ ওপৰত আলোকপাত কৰি অসমৰ ভাষা–সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্রত আগবাঢ়ি গৈ আছে৷ অসম সাহিত্য সভাৰ তৰফৰ পৰা জাতীয় শিক্ষা সংসদকে ধৰি আমি কিছুমান আঁচনি গ্রহণ কৰিছোঁ৷ সেই আঁচনি মতে শিক্ষকসকলক প্রশিক্ষণ দি অসমীয়া ভাষা–সাহিত্য ছাত্র–ছাত্রীসকলক শিকোৱাৰ ব্যৱস্থা কৰিছোঁ৷ প্রাচীন কালত নীতিবাক্যৰে যিদৰে কিছুমান কথা শিকোৱা হৈছিল, ঠিক তেনেদৰে নতুন পদ্ধতিৰে ল’ৰা–ছোৱালীক শিকাবলৈ আগবাঢ়ি গৈ আছোঁ৷ আমি সাহিত্য সভাৰ কাণ্ডাৰীসকলৰ বা মহাপুৰুষসকলৰ স্মৃতিচাৰণ সভাকে ধৰি কোনো নিয়মত বিশৃংখল ঘটোৱা নাই৷ তৎসত্ত্বেও সাহিত্য সভাক লৈ বিতর্ক কৰা লোকসকলে কিন্তু আগবাঢ়ি আহি আমাৰ লগত লগ লাগি ঐক্যবদ্ধতাৰে কাম কৰিম বুলি আগ্রহ প্রকাশ নকৰে৷ লগতে মনতে ভাবিছোঁ যে যদিহে উপ–সভাপতি পদত কার্যনির্বাহ কৰিব পাৰোঁ, তেন্তে সভাপতি মহোদয়ৰ সৈতে আলোচনা কৰি যিসকলে সাহিত্য সভাৰ পৰা আঁতৰি গৈছে তেওঁলোকক মৰম ভাবেৰে আদৰি অনাৰ বাবে যত্ন কৰিম৷ সকলোৱে একত্র হৈ কাম কৰাৰ চেষ্টা কৰিম৷
অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা–সংস্কৃতিৰ ক্ষেত্রত অসম সাহিত্য সভাৰ দৃষ্টিভংগী কেনে হোৱাটো আপুনি বিচাৰে? অসমৰ আন আন জনগোষ্ঠীয় ভাষাক অসম সাহিত্য সভাই সমমর্যাদা দিব পাৰিছে বুলি আপুনি ভাবেনে?
– অসমৰ চুকে–কোণে থকা প্রতিটো জাতি–জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰ প্রতি আমি গুৰুত্ব দি আহিছোঁ৷ চৰ অঞ্চলকে ধৰি সকলো জনগোষ্ঠীয় ভাষা–সাহিত্যক আগুৱাই নিয়াত আমি অগ্রাধিকাৰ দিম৷ নিজৰ নিজৰ মাতৃভাষা শিকাৰ উপৰি সংযোগী ভাষা হিচাপে অসমীয়া ভাষাটোও তেওঁলোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম৷ আমি কেতিয়াও অসমীয়া ভাষাত লাগি থকা নাই৷ হিন্দীভাষীকে ধৰি সকলো ভাষা–ভাষীৰ ল’ৰা–ছোৱালীক তেওঁলোকৰ মাতৃভাষাত আঘাত নসনাকৈ বা মাতৃভাষাৰ পৰা বঞ্চিত নকৰাকৈ অসমীয়া ভাষা উপৰঞ্চিকৈ শিকোৱাৰ দিহা কৰিছোঁ৷
এগৰাকী লেখক–সাহিত্যিক আৰু অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি হিচাপে আপুনি বা সমিতিখনে অসমৰ জাতীয় জীৱনত প্রভাৱ পেলাব পৰা কোনবোৰ কামক গুৰুত্ব দিব আৰু এইবোৰ কার্যকৰী কৰাৰ ক্ষেত্রত কেনেদৰে আগবাঢ়িব?
– অকল বিষয়বাব ল’লেই সকলো সমস্যা সমাধান নহয়৷ উপ–সভাপতিৰ দায়িত্ব লৈ ঘৰত বহি থাকিলে কিবা কাম হ’ব জানো? কেৱল বাব লৈ নহয়, কর্মৰ মাধ্যমেৰে আমি অসম সাহিত্য সভাক আগুৱাই লৈ যোৱাৰ প্রয়াস কৰিম৷ কর্মসংস্কৃতিৰ ক্ষেত্রত বিশেষকৈ গুৰুত্ব দিয়া হ’ব৷ তাৰ বাবে আমাক সহায়–সহানুভূতি আৰু সহযোগিতা লাগিব প্রতিখন জিলা সমিতি আৰু জিলাসমূহৰ অন্তর্গত শাখা–সমিতিসমূহৰ পৰা৷ নৱনির্বাচিত সভাপতি তথা সমিতিখনে শাখা আৰু জিলা সমিতিৰ সদস্যসকলৰ সৈতে একেলগ হৈ দিহা–পৰামর্শৰে অসম সাহিত্য সভাক জাতীয় জীৱনত সকলো দিশতে আগবঢ়াই নিয়াৰ চেষ্টা কৰিম বুলি মনস্থ কৰিছোঁ৷
এসময়ত গাঁও আৰু অইন চহৰসমূহত থকা শাখা সাহিত্যসভাসমূহৰ সবল স্থিতি আছিল৷ কিন্তু এতিয়া দেখা গৈছে তেনে শাখা সাহিত্যসমূহৰ বহুতৰে অস্তিত্ব কেৱল কাগজে–কলমেহে বাকী ৰৈছে৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ থকা এই শাখা সাহিত্য সভাসমূহক আকৌ সজীৱ কৰি তুলিবলৈ আপোনালোকে কেনে ব্যৱস্থা গ্রহণ কৰিব?
– একেবাৰে সঁচা কথা৷ আমি নিজেই সেয়া দেখি আহিছোঁ৷ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি হৈ দেখিছিলোঁ সভাখনৰ অৱস্থা একেবাৰে তথৈবচ৷ কি ধৰণে আগবাঢ়িম একো উৱা–দিহ পোৱা নাছিলোঁ৷ শাখাবোৰৰ কাম–কাজ দেখি আমি প্রথমে হতাশ হৈছিলোঁ৷ পাছত বিভিন্ন আঁচনি গ্রহণ কৰিলোঁ আৰু নতুন উদ্যমেৰে আগবঢ়াৰ চিন্তা কৰিলোঁ৷ প্রথমে মহানগৰ জিলাৰ অন্তর্গত প্রতিটো শাখা কার্যালয়লৈ গৈ তেওঁলোকৰ সদস্যসকলক মাতি আনিছিলোঁ৷ তেওঁলোকে সদস্য হোৱাৰ নথিপত্র আছে নে নাই সেয়া সোধা–পোছা কৰাত জানিব পাৰিছিলোঁ যে বহুতৰে কাগজ–পত্র একো নাছিল৷ নামতহে সদস্য হৈ আছিল৷ সদস্যতা দেখুৱাব নোৱাৰিলে শাখাবোৰ কেনেকৈ বর্তি থাকিব তাৰ পাছত বহুতো ভাবি–চিন্তি শাখাবোৰলৈ গৈ তেওঁলোকৰ সৈতে সভা–সমিতি আয়োজন কৰি সক্রিয়কৰণত লাগিছিলোঁ৷ আগৰ সভাপতিসকলে কি কৰিছিল, কেনেকৈ আগবাঢ়িছিল নাজানো৷ কেৱল দেখিছিলোঁ গুৱাহাটী মহানগৰ সাহিত্য সভাৰ অন্তর্গত ৬০খন সমিতিৰ ভিতৰত মাত্র ২০–২৫খনহে সক্রিয় হৈ আছিল৷ আমি সভাপতি হোৱাৰ পাছত হাতে–কামে লাগি কমেও ৩৭খন শাখাক সক্রিয় কৰিছিলোঁ৷ আজীৱন সদস্যভর্তি কৰাই, বিশেষ সদস্য হিচাপে যোগদান কৰাই বিভিন্ন কাম–কাজ তেওঁলোকৰ দ্বাৰা কৰাইছিলোঁ৷ আৰু যোৱা দুবছৰে মহানগৰ জিলা সাহিত্য সভাৰ কাম–কাজ সুন্দৰভাৱে পৰিচালিত হৈ আহিছে৷ বিভিন্ন দিশত আমি সফলতা অর্জন কৰিছিলোঁ৷ এই মহানগৰ সাহিত্য সভাই অসম সাহিত্য সভাৰ দৃষ্টি আকর্ষণ কৰা বাবেই আজি অসম সাহিত্য সভাৰ উপ–সভাপতি হিচাপে আমাক সন্মানসহকাৰে দায়িত্ব প্রদান কৰিছে৷ এই দায়িত্বই মনত বহু আশাৰ সঞ্চাৰ কৰিছে৷ মহানগৰ সাহিত্য সভাৰ দায়িত্বত থকা সময়ত যিদৰে কাম–কাজ কৰি ইয়াৰ অন্তর্গত শাখা সমিতিসমূহক সক্রিয় কৰিছিলোঁ, ঠিক একেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ থকা সভাসমূহকো সজীৱ তথা সক্রিয় কৰাত গুৰুত্ব দিম৷
আপোনাৰ শৈশৱ–কৈশোৰৰ পৰা আৰম্ভ কৰি লেখিকা মৃণালিনী দেৱী আৰু বর্তমানৰ অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ জীৱন পৰিক্রমাৰ বিষয়ে চমুকৈ কওকচোন?
– শৈশৱ–কৈশোৰৰ পৰা কথাবোৰ আৰম্ভ কৰিব লাগিলে বহু কথাই ক’ব লাগিব৷ তথাপিও চমুকৈ চেষ্টা কৰিলোঁ৷ অবিভক্ত কামৰূপ জিলাৰ নলবাৰীৰ লৰমা গাঁৱত ১৯৩৯ চনত মোৰ জন্ম হৈছিল৷ এখন ৰক্ষণশীল সমাজৰ, সাত্ত্বিক ব্রাহ্মণ পৰিয়ালৰ জীয়ৰী হিচাপে সেই দিনত পঢ়া–শুনা কৰাৰ ব্যৱস্থা নাছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ আমাৰ পিতৃ প্রয়াত শৰৎ চন্দ্র শর্মা তেতিয়া পশ্চিম বড়িগোগ বৰখলা হাইস্কুলৰ প্রতিষ্ঠাপক প্রধান শিক্ষক আছিল৷ মামাহঁতৰ ঘৰখনো শিক্ষা–দীক্ষাৰ ক্ষেত্রত যথেষ্ট আগবঢ়া আছিল৷ পিতাই নাৰী শিক্ষাৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব দিছিল আৰু নিজৰ ঘৰখনৰ পৰাই তাৰ আৰম্ভণি কৰিবলৈ বিচাৰিছিল৷ গতিকে পিতৃয়ে বাটকটীয়া হৈ আমাক বিদ্যালয়লৈ পঠিওৱাৰ চিন্তা কৰিছিল৷ আমাৰ ককাও আছিল এমভি স্কুলৰ পণ্ডিত৷ বিদ্যালয়লৈ নপঠিয়ালেও ককাই আমাক ঘৰতে প্রাথমিক বিদ্যালয়ৰ শিক্ষা গোটেইখিনি দিছিল৷ পথাৰত কাম কৰি থকা সময়তো ককাই আমাক পাঠদান দিছিল৷ পথাৰতে আমি যাদৱ পাতিগণিতৰ গোটেইখিনি শিকিছিলোঁ৷ ককাই ঘৰতে পঢ়ুৱাই তৃতীয় শ্রেণীৰ তিনি মাহমান বাকী থাকোঁতে আমাক স্কুলত নামভর্তি কৰি দিছিল আৰু লৰমা প্রাথমিক বিদ্যালয়ত কেইমাহমান পঢ়িয়ে আমি বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ গাঁৱৰ সমাজত আৰু পঢ়ুৱাব পাৰিব নে তাৰেই চিন্তা কৰি থাকোঁতে সাত্ত্বিক ব্রাহ্মণ পৰিয়ালৰ নিয়ম হিচাপে আমাৰো কুমাৰী অৱস্থাতে বিয়াৰ যো–জা চলিছিল৷ ইফালে হাইস্কুলত নামভর্তি কৰিও দিছিল৷ লাটিমা গাঁৱৰ বিদগ্ধ শাস্ত্রজ্ঞ পণ্ডিত আছিল আমাৰ শহুৰ৷ তেওঁৰ পুত্র তথা সহস্র গীতিমালিকা আৰু ৫০০ৰো অধিক কবিতাৰ ৰচক প্রয়াত কৈলাশ নাথ শর্মাৰ সৈতে গৌৰীদান প্রথাৰে আমাৰ বিবাহ সম্পন্ন হৈছিল৷ আশা কৰা মতে শহুৰ দেউতাই আমাৰ শিক্ষাত গুৰুত্ব দি পিতৃগৃহলৈ পঠিয়াই পুনৰ পঢ়া–শুনা আৰম্ভ কৰিবলৈ দিছিল৷ বিবাহিত জীৱন–যাপন কৰিও পিতৃগৃহত থাকি পঢ়া–শুনা আৰম্ভ কৰি বৰভাগৰ পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল প্রৱেশিকা পৰীক্ষাত অৱতীর্ণ হৈছিলোঁ৷ আৰু সেই অঞ্চলৰ পৰা উত্তীর্ণ হোৱা প্রথমগৰাকী মহিলা প্রৱেশিকা পৰীক্ষার্থী হিচাপে সুনাম অর্জন কৰিছিলোঁ৷ উচ্চ শিক্ষাৰ বাবে ইচ্ছা আছিল যদিও সংসাৰ ধর্ম পালন কৰাৰো দায়িত্ব আছিল৷ সেইমতে দ্বিতীয় বিবাহ সম্পন্ন কৰি আমাক স্বামী গৃহলৈ পঠিয়াই দিছিল৷ ইফালে পঢ়ি থকা সময়তো তর্ক প্রতিযোগিতা, বত্তৃণতা আদিত আগ্রহী আছিলোঁ৷ গাঁৱৰ সংস্কৃতি যেনে– আই নাম, বিয়া নাম, গোসাঁই নাম এইবোৰৰ প্রতিও ধাউতি আছিল৷ স্বামীৰ চাকৰি সূত্রে পৰৱর্তী সময়ত বিভিন্ন ঠাইত ঘূৰি–ফুৰি পাঁচটাকৈ পুত্র সন্তানৰ মাতৃ হৈ পুনৰ উভতি আহি গুৱাহাটীৰ গান্ধীবস্তিত থাকিবলৈ লৈছিলোঁ৷ এফালে সন্তানৰ শিক্ষা আৰম্ভ হৈছিল৷ আনফালে শিক্ষা–দীক্ষাৰ ফালৰ পৰা সুনাম থকা পৰিয়ালৰ জীয়ৰী আৰু বোৱাৰী হিচাপে আমাৰো লিখা–মেলাৰ প্রতি ধাউতি আছিলেই৷ তেতিয়াৰে পৰা পিতাৰ লেখা–মেলাবোৰ পঢ়ি আমিও লিখা–মেলাৰ ক্ষেত্রখনত আগবাঢ়িবলৈ লৈছিলোঁ৷ এইক্ষেত্রত আমাৰ প্রয়াত স্বামীয়েও যথেষ্ট সহযোগ কৰিছিল৷ শৈশৱৰ লেখা–মেলাৰ প্রতি থকা দুর্বাৰ হেঁপাহ আজিৰ এই পর্যায়ত উপনীত কৰিছে আমাক৷ আৰু এনেদৰেই একমাত্র একাগ্রতা আৰু আগ্রহৰ বলতেই কেতিয়াও কল্পনা নকৰা অসম সাহিত্য সভাৰ উপ–সভাপতি পদত উপনীত হ’ব পাৰিছোঁ৷

You might also like