নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ দুলুং বনাঞ্চলত অৰুণাচলীৰ গির্জা নির্মাণ

48

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনত পথালিপাম বন খণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসনক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে । উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলৰ ৰূপত ৰাজগড়ত অসম-অৰুণাচল প্রদেশৰ ভূমি বিবাদ সমাধানৰ বাবে অসম চৰকাৰে এটা আৰক্ষী চকী স্থাপন কৰাৰ কাম আৰম্ভ কৰিছিল যোৱা ২ ফেব্রুৱাৰীৰ পৰা৷ আৰক্ষী চকী নির্মাণৰ দায়িত্ব লাভ কৰা গড়কাপ্ঢানী বিভাগে ইয়াৰ বাবে উক্ত স্থানত প্রায় তিনি বিঘা মাটি চাফা কৰি চকী নির্মাণৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু যোৱা ৭ ফেব্রুৱাৰীত অৰুণাচল প্রদেশ প্রশাসনৰ সহযোগত একাংশ অৰুণাচলী লোকে আৰক্ষী চকী নির্মাণস্থলীত উপস্থিত হৈ আৰক্ষী চকী স্থাপন নকৰিবলৈ সকীয়নি দি থৈ যোৱাৰ উপৰি ৮ ফেব্রুৱাৰীৰ দিনা আৰক্ষী চকীৰ কাষতে গির্জা ঘৰ স্থাপন কৰি উক্ত ভূমিভাগ অৰুণাচলৰ বুলি দাবী কৰে৷ এই খবৰ লাভ কৰি বন বিভাগে লখিমপুৰ জিলা প্রশাসনৰ সহযোগত অভিযান চলাই গির্জা ভাঙি দিয়াৰ লগতে অৰুণাচলীক পুনৰ বেদখল নকৰিবলৈ সকীয়নি দিয়ে৷ তাৰ পাছতেই দুলুং বনাঞ্চলৰ ৰাজগড়ত পৰিস্থিতি ক্রমান্বয়ে উত্তেজনা বৃদ্ধি পায়৷ যোৱা সোমবাৰৰ দিনা সমীপৱর্তী কামেল জিলাৰ এগৰাকী উপায়ুক্তই উক্ত স্থান পৰিদর্শন কৰে যদিও অৰুণাচলীৰ বেদখলক লৈ কোনো ধৰণৰ মন্তব্য নকৰিলে৷ এই ঘটনাৰ পাছতেই কালি পুৱা বগীনদী অঞ্চলৰ আছু, এ জে ৱাই চি পি আৰু আগছু নেতৃত্বই বগীনদী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্রিয়ব্রত গগৈৰ সৈতে বিবদমদান ভূমি পৰিদর্শন কৰিবলৈ যাওঁতে হাতে হাতে বন্দুক–দা–কুঠাৰ লৈ একাংশ অৰুণাচলী লোকে ভাবুকি দিয়ে৷ তদুপৰি দল–সংগঠনৰ নেতৃত্বৰ লগতে আৰক্ষীৰ লগত বাক–বিতণ্ডাত লিপ্ত হৈ উক্ত ভূমি অৰুণাচলৰ বুলি দাবী কৰে আৰু তেওঁলোকক ঘূৰি আহিবলৈ বাধ্য কৰায়৷

অৱশ্যে ঘটনাস্থলীত লখিমপুৰ জিলা অতিৰিক্ত অধীক্ষক আৰু কামেল জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হোৱাত পৰিস্থিতি কিছু শাম কাটে৷ অতি পৰিতাপৰ কথা যে আজিৰ সমস্ত ঘটনা আৰু পৰিস্থিতিৰ সময়ত লখিমপুৰ জিলা প্রশাসনৰ পৰা ৰহস্যজনকভাৱে কোনো বিষয়া–কর্মচাৰীক ঘটনাস্থলীত দেখা পোৱা নগ’ল৷ ইয়াকে লৈ উপস্থিত দল–সংগঠনৰ নেতৃত্বই লখিমপুৰ জিলা প্রশাসনৰ দুর্বল ভূমিকা আৰু অৰুণাচল প্রদেশৰ অবৈধ আগ্রাসনৰ বিৰুদ্ধে ৰাজগড় পথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে বগীনদীৰ দল–সংগঠনে দীর্ঘদিনৰ পৰা লখিমপুৰ জিলাৰ দুলুং বনাঞ্চল আৰু অৰুণাচল প্রদেশৰ কামেল জিলাৰ ঝিলি নদীৰ পাৰত দুই ৰাজ্যৰ সীমা নির্ধাৰণ কৰি আৰক্ষী চকী নির্মাণ কৰিবলৈ দাবী জনাই আহিছিল৷ কিন্তু উক্ত স্থানৰ পৰা ৭ কিলোমিটাৰ নিলগত আৰক্ষী চকী নির্মাণ কৰাত অৰুণাচলী লোকক বেদখল কৰিবলৈ সুযোগ প্রদান কৰা বুলি অভিযোগ উঠিছে৷ শীঘ্রে ভূমিভাগ দখল কৰি পূর্বে নির্ধাৰিত সীমাত সীমান্ত আৰক্ষী চকী নির্মাণ কৰিবলৈ দল–সংগঠনে দাবী জনাইছে৷

You might also like