নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত যুৱপ্রজন্মক ৰাজনীতিৰ আদিপাঠ দিলে বিজেপিয়ে

44

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ জালুকবাৰী সমষ্টিৰ অন্তর্গত বেজেৰাৰ এছ আই আৰ ডি প্রেক্ষাগৃহত দেওবাৰে যুৱ সম্পর্ক অভিযান উপলক্ষে বিজেপিৰ এখনসভা অনুষ্ঠিত হয়৷ সভাৰ কার্যসূচীমর্মে পুৱাই স্বামী বিবেকানন্দৰ প্রতিচ্ছবিত মাল্যার্পণৰ পিছতে যুৱ সম্পর্কৰ বিষয়ে সবিস্তাৰে আলোকপাত কৰা হয়৷

যুৱপ্রজন্মৰ যুৱক–যুৱতীসকলে ৰাজনীতিৰ দিশত আগ্রহী হ’লে তেওঁলোকক ৰাজনৈতিক দিশ তথা অন্যান্য বিষয় সন্দর্ভত সবিস্তাৰে প্রকাশ কৰি ৰাজনীতিলৈ অনাৰ উদ্দেশ্যে বিজেপিয়ে এই অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷

এই সভাত উপস্থিত থাকে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মানসপ্রতিম দাস, বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, বেজেৰা মণ্ডলৰ যুৱ মর্চাৰ সভাপতি মাধৱ বৰা, উপ–সভাপতি দীপাংকৰ তালুকদাৰ, সাধাৰণ সম্পাদক নিপন কলিতা, জিলা যুৱ মর্চাৰ অধ্যয়ন তত্ত্বাৱধায়ক প্রভাত কলিতা আৰু বেজেৰা মণ্ডলৰ সহঃ প্রভাৰী কিশোৰেশ দাস প্রমুখ্যে বিজেপিৰ কর্মকর্তাসকল৷

You might also like