নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশ সীমান্তত ৰঙাচকু গৰু ব্যৱসায়ীৰ; ঘপিয়ালে বিএছএফ জোৱানক

62

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৱর্তী চৈতনবাৰী বিএছএফ কেম্প এলেকাৰ ফুলকাকাটাত দেওবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনীৰে গৰু সৰবৰাহকাৰীৰ মাজত হোৱা সংঘর্ষত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ লগতে দুজনকৈ বিএছএফ জোৱান আহত হয়৷

জানিব পৰা মতে, দক্ষিণ শালমাৰা থানা এলেকাৰ বাংলাদেশ সীমান্তৱর্তী ফুলকাকাটা প্রথম খণ্ড গাঁৱৰ বাসিন্দা ছকেৰ আলীৰ পুত্র ছমেজ আলীসহ আন কেইবাজনো গৰু সৰবৰাহকাৰীয়ে আজি পুৱতি নিশা প্রায় ৩.৪০ বজাত ফুলকাকাটা সীমান্তৰ মাজেৰে বাংলাদেশলৈ কেইবাটাও গৰু সৰবৰাহ কৰিবলৈ ধৰিছিল৷ কিন্তু টহলদাৰী সুৰক্ষা বাহিনীয়ে সৰবৰাহকাৰী ছমেজৰ চাৰিটা গৰু জব্দ কৰাৰ পিছত গৰু সৰবৰাহকাৰী চক্রই হাতে হাতে দা–ডেগাৰ, ফালা আদি লৈ বিএছএফক আক্রমণ কৰিবলৈ আহে৷ গৰু সৰবৰাহকাৰীৰ এই আক্রমণ ৰুধিবলৈ চৈতনবাৰী বিএছএফ কেম্পৰ দায়িত্বত থকা সহকাৰী ভাৰপ্রাপ্ত বিষয়া ওমবীৰ প্রকাশে শূন্যলৈ গুলীচালনা কৰে৷ কিন্তু ইমানৰ পিছতো গৰু সৰবৰাহকাৰী চক্রটোৱে সীমান্তৰ পৰা আঁতৰি নগৈ ওমবীৰক দাৰে মূৰত আক্রমণ কৰে৷ আনহাতে, ওমবীৰৰ লগত থকা সুনীল কুমাৰ নামৰ আন এগৰাকী বিএছএফ জোৱানক গৰু সৰবৰাহকাৰী চক্রটোৱে চোকা অস্ত্রৰে আক্রমণ কৰে৷

এই আক্রমণৰ ফলত সুনীল কুমাৰ গুৰুতৰভাৱে আহত হয়৷ গৰু সৰবৰাহকাৰী চক্রটোৱে সুনীলৰ হাতত থকা এ কে ৪৭ ৰাইফল কাঢ়ি নিয়াৰ ফলত ওমবীৰ প্রকাশে কেইবাজজাই গুলীবর্ষণ কৰাত ছমেজ আলী নামৰ গৰু সৰবৰাহকাৰীটো গুলীবিদ্ধ হয়৷ সীমান্তৰ কাষতে থকা গাঁওবাসীয়ে গুলীৰ শব্দ পাই সীমান্তৰ ফালে ওলাই আহিবলৈ ধৰে যদিও গুলীবিদ্ধ ছমেজ আলী নিহত হোৱাৰ পিছত সকলো সেই স্থানৰ পৰা আঁতৰি যায়৷ আনহাতে, বিএছএফক আক্রমণ কৰা আন একাংশ সৰবৰাহকাৰীয়ে ছমেজ আলীৰ মৃতদেহ কান্ধত তুলি নি বিএছএফৰ ৰাইফলসহ পলায়ন কৰে৷ এই ঘটনাৰ ফলত সীমান্তত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষী অধীক্ষক কংকণজ্যোতি শইকীয়া, জিলা সহকাৰী অধীক্ষক আৰিফ আহমেদ, দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ সহকাৰী পৰিদর্শক আবু শ্বামাসহ আৰক্ষীৰ বৃহৎ দল এটাই সীমান্তত গৈ উপস্থিত হয়৷

পুৱা প্রায় ৭ বজাত আৰক্ষী সীমান্তত উপস্থিত হৈ ফুলকাকাটা গাঁৱত ছমেজৰ মৃতদেহ আৰু ৰাইফল বিচাৰি অভিযান আৰম্ভ কৰে৷ অৱশেষত পথাৰৰ জংঘলৰ মাজৰ পৰা বিএছএফে ৰাইফলটো পাই আৰক্ষীক গতাই দিয়ে যদিও মৃতদেহ বিচাৰি আৰক্ষীয়ে গাঁৱৰ চৌপাশে অভিযান চলাই পিছত গাঁওখনৰ পৰা সৰু নদী পাৰ কৰি আন এখন গাঁৱত লোক এজনৰ ঘৰত মৃতদেহ ৰখা হৈছে বুলি আৰক্ষীয়ে সন্ধান পাই সেই ঘৰৰ পৰা দুপৰীয়া প্রায় ২ বজাত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্রেৰণ কৰে৷

ঘটনাক লৈ আৰক্ষী সূত্রে জানিবলৈ দিয়ে যে বিএছএফৰ গুলীত কোনো লোক নিহত হ’লে তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰি গোপন কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ ইয়াৰ বাবে গৰু সৰবৰাহকাৰীয়ে মৃতদেহটো সীমান্তৰ পৰা নি পার্শ্বৱর্তী গাঁৱত নিৰাপদে ৰাখিছিল বুলি জানিব পৰা গৈছে৷

আনহাতে, গৰু সৰবৰাহকাৰীৰ আক্রমণত আহত দুই বিএছএফ জোৱানক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভর্তি কৰাই চিকিৎসা চলাই থকা হৈছে৷ ইয়াৰে সুনীল কুমাৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

মন কৰিবলগীয়া বিষয় যে যোৱা ৩ জানুৱাৰীৰ নিশা প্রায় ১১ বজাত ফুলকাকাটা গাঁৱৰ পৰা প্রায় ডেৰ কিলোমিটাৰ নিলগত থকা মহামায়া সীমান্তত আৰক্ষীৰে গৰু সৰবৰাহকাৰীৰ সংঘর্ষ হৈছিল৷ দক্ষিণ শালমাৰা আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত নুৰ জামাল শ্বেখ নামৰ এজন গৰু সৰবৰাহকাৰী নিহত হয়৷

আনহাতে, আন তিনিজন গৰু সৰবৰাহকাৰী আহত হৈছিল৷ একেদৰে জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ আছামেৰ আলগা ভাৰত–বাংলাদেশ সীমান্তত যোৱা ১০ জানুৱাৰীত বিএছএফৰ গুলীত দয়াৰচৰ গাঁৱৰ শুকুৰ আলী নামৰ আন এজন গৰু সৰবৰাহকাৰী নিহত হৈছিল৷ বিগত এমাহৰ ভিতৰত জিলাখনৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত ৬জনকৈ গৰু সৰবৰাহকাৰী নিহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷

You might also like