নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত মৎস্য চিকাৰেৰে ভোগালীৰ আয়োজন

34

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ উৰুকালৈ মাজত আৰু মাত্ৰ ১ দিন বাকী । ঘৰে ঘৰে গৃহিণীৰ কোমল হাতৰ পৰশত সুস্বাদু পিঠা–লাড়ুৰ অনুপম সম্ভাৰ সাজু হৈ উঠিছে৷ দেওবৰীয়া বজাৰসমূহতো দেখা গ’ল চিৰা–সান্দহ–বৰা চাউল–গুৰ–দৈৰ লগতে কাঠ আলু–মিঠা আলু আদি পৰম্পৰাগত খাদ্যৰ সমাহাৰ৷ ইয়াৰ মাজতে ৰাজ্যৰ বিলসমূহতো উৰুকাৰ সাঁজটোৰ বাবে মাছ ধৰাত ব্যস্ত হৈ পৰিল ৰাইজ৷

মৎস্য চিকাৰ

তেজপুৰত সমূহীয়া মৎস্য চিকাৰৰ বাবে পুৱাই হাতত জাল–পল’–জুলুকী ইত্যাদি লৈ ওলাই আহিল কেইবাশ লোক৷ তেজপুৰৰ স্মৃতি বিজড়িত গেৰেকী বিলত পুৱাই দেখা গ’ল শ শ লোকে মাছ ধৰাৰ নান্দনিক দৃশ্য৷ উৰুকাৰ পূর্বে মৎস্য চিকাৰ কৰি ঘৰালৈ এটা মাছ লৈ যোৱাৰ বাবে সকলোৰে প্রবল হেঁপাহ থাকে৷ সেয়েহে মাছ ধৰাত পাকৈত নহ’লেও বিশেষ দিনটোত সকলোৱে বিলত নামি চেষ্টা চলায় মাছ ধৰিবলৈ৷ ৰৌ, বৰালি, শ’ল–শাল আৰু থলুৱা প্রজাতিৰ বিভিন্ন মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰিল কলিবাৰীৰ গেৰেকী অঞ্চলৰ ৰাইজৰ লগতে তেজপুৰৰ ভিন্ন প্রান্তৰ পৰা অহা লোক৷

You might also like