নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলেকী বনাঞ্চলত চাহ–ৰবৰৰ বাগান আগ্ৰাসী নগাৰ

48

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহ প্ৰতি ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা, সোপাঢিলা নীতি আৰু নিৰ্লিপ্ততাৰ সুযোগ লৈ শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেী সংৰক্ষিত বনাঞ্চলৰ ছয় হাজাৰ চাৰিশ হেক্টৰ ভূমিৰ প্রায় ৪,৫০০ হেক্টৰ ভূমি ইতিমধ্যে বৃহত্তৰ নাগালিমত অন্তর্ভুক্ত কৰাৰ পাছত অৱশিষ্ট ভূমিখণ্ড বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে নগাই৷ নাগালেণ্ডৰ মুককচাং জিলাৰ টুলী মহকুমাৰ অন্তর্গত কাঞ্চিং আৰু ৱামাকান বস্তিৰ নগাই গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড আৰু স্মিথপুৰ গ্রাণ্টৰ বৃহৎ ভূমি বেদখল কৰি ৰবৰ বাগান, চাহ বাগান স্থাপন কৰিছে৷

শেহতীয়াভাৱে নাগালেণ্ডৰ কাঞ্চিং বস্তিৰ দিশৰ পৰা অহা প্রায় ৮/১০জনীয়া নগা দুর্বৃত্তৰ দল এটাই গেলেকী সংৰক্ষিত বনাঞ্চলৰ স্মিথপুৰ গ্রাণ্টৰ বৃহৎ অঞ্চলৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰি চাহ বাগিচা স্থাপন কৰে৷ উক্ত অঞ্চলটোতে বনাঞ্চলৰ ভূমি বেদখল কৰি গেলেকীৰে এজন প্রাক্তন কংগ্রেছী পঞ্চায়ত প্রতিনিধিয়েও চাহ বাগিচা স্থাপন কৰিছে৷ বন বিভাগ তথা আঠখেল খণ্ড বন কার্যালয়ৰ চূডান্ত দায়িত্বজ্ঞানহীনতাৰ সুযোগ গ্রহণ কৰি আৰু গেলেকীৰ এইজন প্রাক্তন কংগ্রেছী প্রতিনিধিৰ পৰোক্ষ সহযোগতে নগাই বৃহৎ অঞ্চলৰ বনভূমি ধ্বংস কৰি চাহ বাগিচা স্থাপন কৰিছে৷ নগাৰ এই দুষ্কার্যৰ কথা গোপন সূত্রে জানিব পাৰি নাজিৰা মহকুমাৰ ভাৰপ্রাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱাল আৰু গেলেকী থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপেন্দ্র ছেত্রীৰ নেতৃত্বত বন বিভাগৰ এটা দলে বনাঞ্চলখনত অভিযান চলায়৷ কিন্তু অসমৰ দলটোৰ অভিযানৰ উমান পাই ৮/১০জনীয়া নগা দুর্বৃত্তৰ দলটোৱে নাগালেণ্ডৰ কাঞ্চিং বস্তিৰ দিশলৈ পলায়ন কৰে৷ অসম আৰক্ষীৰ দলটোৱে উক্ত স্থানৰ পৰা নগাই স্থাপন কৰা চাহ বাগিচাত কাম কৰা সুশীল ওৰাং আৰু চিমন পাটিৰ নামৰ দুজন শ্রমিকক আটক কৰাৰ লগতে একে অঞ্চলতে বনাঞ্চলৰ ভূমিত চাহ বাগিচা স্থাপন কৰা প্রাক্তন কংগ্রেছী পালিনেতা তথা পঞ্চায়ত প্রতিনিধি ইনামুল হুছেইনক আটক কৰে৷ পাছত আটকাধীন ব্যক্তিকেইজনক গেলেকী আৰক্ষীয়ে জিলা বন বিভাগক চমজাই দিয়ে৷ আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে বন বিভাগ আৰু সীমান্তত নিয়োজিত অসম আৰক্ষী বেটেলিয়নৰ চূডান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে আগ্রাসী নগা বাহিনীয়ে বনাঞ্চলখনৰ উক্ত বৃহৎ অঞ্চলটোত ২০১৬ বর্ষৰ পৰাই ব্যাপক হাৰত অসমৰ ভূমি বেদখল কৰি গৃহ নির্মাণ তথা ৰবৰ বাগান, চাহ বাগান স্থাপন কৰি আহিছে যদিও অসম চৰকাৰে কোনো গুৰুত্ব প্রদান কৰা নাই৷ গেলেকীবাসীয়ে উক্ত অঞ্চলটোত দীর্ঘদিন ধৰি এটা বি অ’ পি স্থাপনৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে আজিপর্যন্ত এই দাবীৰ প্রতি সঁহাৰি জনোৱা নাই৷ স্মর্তব্য যে আজি কেইদিনমান পূর্বে গেলেকী থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপেন্দ্র ছেত্রীৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে সীমান্তৰ উক্ত অঞ্চলত নগা দুর্বৃত্তই নির্মাণ কৰা এটা গৃহ ভাঙি লণ্ডভণ্ড কৰিছিল৷

You might also like