নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছুৰ নতুন সভাপতি দ্বীপেন বড়ো

84

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ বি টি আৰ চুক্তিৰ পাছতেই সলনি হৈছে বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট । বুধবাৰৰে পৰা তামুলপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিনিধি সভাত নিখিল বড়ো ছাত্ৰ সন্তাৰ নেতৃত্বৰ পৰিৱৰ্তন হয় । বিগত সময়ছোৱাত এবছুক সমুখৰ পৰা নেতৃত্ব দিয়া সভাপতি প্রমোদ বড়োৰ স্থলাভিষিক্ত হৈছে উপ–সভাপতি দ্বীপেন বড়ো৷

অৱশ্যে বিভিন্ন মহলৰ চর্চাক নস্যাৎ কৰি লৰেন্স ইছলাৰীয়েই এবছুৰ সাধাৰণ সম্পাদক পদত কার্যনির্বাহ কৰিব৷ বড়োভূমিৰ সাম্প্রতিক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এবছুৰ নেতৃত্ব পৰিৱর্তনৰ বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে যদিও সম্প্রতি এইক্ষেত্রত ছাত্র সংগঠনটোৰ নেতৃত্বই প্রতিক্রিয়া প্রকাশৰ পৰা বিৰত থাকে৷ অৱশ্যে ইয়াৰ মাজতে প্রমোদ বড়োৱে ৰাজনীতিৰ পথাৰত প্রৱেশ কৰিব বুলি সর্বত্র চর্চা হৈছে৷

You might also like