নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনুল ইছলামৰ ধৃষ্টতাক লৈ বৌদ্ধিক সমাজ নীৰৱ কিয় ?-ড০ শর্মা

80

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ অমসক ৬০০ বছৰ ৰাজত্ব কৰা আহোমসকলক খিলঞ্জীয়া নহয় বুলি শেহতীয়াকৈ আমিনুল ইছলামে কৰা মন্তব্যক লৈ ৰাজ্য জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে ৰাজ্য়ৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়- আমিনুল ইছলামে কৰা এন মন্তব্যই আহোম সমাজ তথা ৰাজ্যৰ খিলঞ্জীয়া সমাজখনক হেয় প্ৰতিপন্ন কৰাই নহয়, এই মন্তব্যৰ বাবে বৌধিক সমাজৰ নিৰৱতাও দায়ী । তেওঁ কয়- আব্দুল মুহিব মজুমদাৰে তেওঁৰ এখন কিতাপত আহোমসকল খিলঞ্জীয়া নহয়, আগ্রাসী বুলি লিখিছিল৷ কোনো তথ্যৰ ওপৰত এই কিতাপখন লিখা হোৱা নাছিল৷ পৰৱর্তী সময়ত সংখ্যালঘুৰ ৰাজনীতি কৰা একাংশ নেতাই গাঁৱে–সবাহে নিৰন্তৰভাৱে কৈ আহিছে যে আহোম, বড়োসকল খিলঞ্জীয়া নহয়, তেওঁলোকেহে খিলঞ্জীয়া৷ আমিনুল ইছলামে আগতেও দুবাৰ টিভিৰ টক শ্ব’ত এই কথাষাৰ কৈছে৷ কিন্তু ইয়াৰ কোনো বিৰোধিতা নেদেখি তেওঁলোকৰ মাজত এটা ধাৰণা হ’ল যে তেওঁলোকৰ কথা ৰাইজে সমর্থন কৰিছে৷

আমিনুল ইছলামেও ধৃষ্টতা দেখুৱাই শেহতীয়াকৈ ক’বলৈ আৰম্ভ কৰিছে যে আহোম, কছাৰী, মিচিংসকল খিলঞ্জীয়া নহয়, তেওঁলোকেহে খিলঞ্জীয়া৷ সেয়াই নহয়, ৬নং দফা ৰূপায়ণ কমিটীত যেতিয়া এওঁলোকে নিজকে খিলঞ্জীয়া বুলি স্মাৰক–পত্র দিছিল, তেতিয়া তাত জাতীয় সংগঠনৰ প্রতিনিধিও আছিল৷ কিন্তু আজিলৈকে এই ধৃষ্টতাৰ প্রত্যাহ্বান জনাই বৌদ্ধিক সমাজ জাগ্রত হোৱা নাই৷ আহোম মানে আমি চুকাফা, লাচিত বৰফুকন, ৰুদ্রসিংহৰ দৰে প্রাতঃস্মৰণীয় ব্যক্তিসকলক বুজোঁ৷ এই ব্যক্তিসকল তথা আহোম জাতিটোক এওঁলোকে এতিয়া প্রত্যাহ্বান জনোৱাৰ সাহস পাইছে৷ ইয়াৰ বাবে আমিনুল ইছলাম যিদৰে দায়ী, সেইদৰে বৌদ্ধিক সমাজৰ নীৰৱতাও সমানে দায়ী৷

You might also like