নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন সেনা বাহিনীত অৰুণাচলৰ যুৱতী নিকি লেগ’

অনুশীলন সম্পূর্ণ কৰি জর্জিয়াত নিযুক্তি

218

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ নাৰী শক্তিৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি মার্কিন সেনাবাহিনীত যোগ দিছে উত্তৰ–পূবৰ এগৰাকী সাহসী যুৱতীয়ে৷ অৰুণাচল প্রদেশৰ ইষ্ট চিয়াঙৰ নিকি লেগ’ নামৰ দৃঢ়মনা যুৱতীগৰাকীয়ে চলিত মাহত ইউ এছ আর্মীৰ অনুশীলন সম্পূর্ণ কৰি জর্জিয়াত নিযুক্তি লাভ কৰিছে৷

আমেৰিকাৰ সেনাবাহিনীৰ ইউনিফর্মৰ সৈতে ছ’চিয়েল মিডিয়াত তেওঁ প্রকাশ কৰা এখন ফটোৱে শেহতীয়াকৈ ব্যাপক চর্চা লাভ কৰা দেখা গৈছে৷

উল্লেখ্য যে অৰুণাচল প্রদেশৰ পাছিঘাটৰ চিয়াং মডেল স্কুলৰ পৰা প্রাথমিক শিক্ষা গ্রহণ কৰা নিকি লেগ’ৱে দিল্লীত সাংবাদিকতাৰ পাঠ্যক্রম সম্পূর্ণ কৰিছে৷ ইয়াৰ পিছতে তেওঁ হস্পিতেলিটী উদ্যোগৰ সৈতে জড়িত হয়৷ ইউ এছ আর্মীত যোগ দিয়াৰ পূর্বে তেওঁ গুগলত কর্মৰত আছিল৷

You might also like