নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত আৰক্ষীৰ জালত NSCN(K)ৰ কেডাৰ; ১৯ ৰাউণ্ড গুলি উদ্ধাৰ

357

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ বোকাজানৰ খটখতি থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৰ বৰলেঙেৰীৰ পৰা বুধবাৰে দাবী কৰা ধন নিবলৈ আহি খটখতি আৰক্ষীৰ জালত পৰে NSCN(K)ৰ দুজনকৈ কেডাৰ।

ধৃত কেডাৰ দুজন হৈছে পিটু মুৰু আৰু আকিশ চুমি । ইয়াৰে পিটু মুৰুৰ ঘৰ জুনহেবটুত আৰু আকিশ চুমিৰ ঘৰ পূব ডিমাপুৰত বুলি জানিব পৰা গৈছে ।

ইপিনে কেডাৰ দুজনৰ পৰা আৰক্ষীয়ে তালাচী চলাই ৭.৬২ পিষ্টলৰ ১৯ ৰাউণ্ড গুলি জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অসম-নগালেণ্ড সীমান্তৰ বৰলেঙেৰীৰ দৰবৰ দোকানৰ স্বত্বাধিকাৰী ইফজাল হুচেইনৰৰ পৰা দাবী কৰা ধন নিবলৈ আহি আটক হয় NSCN(K)ৰ দুয়োজন কেডাৰ।

You might also like