নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৰিয়া–ম্যানমাৰৰ কোটি টকাৰ ৫৫ কার্টন চিগাৰেট উদ্ধাৰ

51

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তর্গত নিত্য বজাৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা যোৱানিশা বইটামাৰী আৰক্ষীয়ে এখন ট্রাক জব্দ কৰি ৫৫ কার্টন বিদেশৰ পৰা অনা চিগাৰেট উদ্ধাৰ কৰে৷ জানিব পৰা মতে বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া আনন্দ ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্রে তথ্য লাভ কৰি যোৱানিশা নিত্য বজাৰত অভিযান চলাই এ এছ ০১ বি চি ৪৮৮১ নম্বৰৰ ট্রাকখন জব্দ কৰি থানালৈ লৈ আনে৷ পিছত আজি আৰক্ষীয়ে ট্রাকখনৰ পৰা ইন্দোনেছিয়া, হংকং, কোৰিয়া, থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা অনা প্রায় কোটি টকা মূল্যৰ এই চিগাৰেটসমূহ উদ্ধাৰ কৰে৷ চিগাৰেটৰ ব্রেণ্ডসমূহ ৰুলি ৰিভাৰ, পেৰিছ ফিল্টাৰ, ব্লেক উইন আদি বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰ পৰা ধুবুৰীৰ দিশে আহি থকা ট্রাকখনৰ চালক মফিদুল ইছলাম (২২)ক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ আটকাধীন চালকজনৰ ঘৰ অভয়াপুৰীৰ ট্টাপাটাৰীত৷ বিদেশৰ পৰা অহা চোৰাং চিগাৰেটৰ জব্দকৃত কার্টনসমূহ বর্তমানলৈকে আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে৷

You might also like