নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰখানাৰ বিষাক্ত গেছ নির্গত হৈ তিনি শিশুসহ ৭জনৰ মৃত্যু

41

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ উত্তৰপ্রদেশৰ সীতাপুৰ জিলাত আজি এটা ৰাসায়নিক কাৰখানাৰ পৰা বিষাক্ত গেছ নির্গত হোৱাৰ ফলত তিনি শিশুসহ কমপক্ষেও সাতগৰাকী লোকৰ মৃত্যু হৈছে৷ প্রাথমিক তদন্ত অনুসৰি বিছৱানস্থিত কাৰখানাটোৰ পাইপলাইন ফাটি এই বিষাক্ত গেছ নির্গত হৈছে৷ ইয়াৰ সমীপৱর্তী এটা কার্পেট কাৰখানাত পুৱা শুই থকা অৱস্থাতে সাতগৰাকী লোক মৃত্যুমুখত পৰে এই বিষাক্ত গেছৰ দ্বাৰা আক্রান্ত হৈ৷ স্থানীয় বাসিন্দাসকলে আৰক্ষীক ৰাসায়নিক কাৰখানাটোৰ পৰা গেছ নির্গত হোৱাৰ তথ্য জনাইছে যদিও সমীপৱর্তী কার্পেট কাৰখানাটোত আৰক্ষী প্রৱেশ কৰিবলৈ সক্ষম হোৱা নাই৷ বিষাক্ত গেছৰ উৎকট গন্ধৰ বাবেই কার্পেট কাৰখানাটোৰ অভ্যন্তৰৰ ভিতৰত প্রৱেশ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ অৱশ্যে তাৎক্ষণিকভাৱে সাতগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ সমগ্র অঞ্চলটোত অব্যাহত আছে আতংক।

You might also like