নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ পূবত প্ৰথমটো প’জিটিভ কেচ; মণিপুৰৰ এগৰাকী যুৱতীৰ শৰীৰত COVID 19

160

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মণিপুৰৰ এগৰাকী যুৱতী । মণিপুৰৰ ইম্ফলত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ শৰীৰত পোৱা গৈছে COVID 19 প’জিটিভ ।

ইপিনে এই যুৱতীগৰাকীৰ শৰীৰত  COVID 19 প’জিটিভ পোৱাৰ লগেলগেই উত্তৰ পূবত প্ৰথমটো পজিটিভ ঘটনা পোহৰলৈ আহিছে ।

COVID 19 ত আক্ৰান্ত যুৱতীগৰাকী এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল আৰু ১৯ মাৰ্চত তেওঁ লণ্ডনৰ পৰা ঘূৰি আহিছিল ।

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূবৰ ৬ খনকৈ ৰাজ্য আজিৰে পৰা তলা বন্ধ ঘোষণা কৰিছে ।

You might also like