নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবত নতুন ইতিহাসঃ ধুবুৰী বন্দৰত আৰম্ভ সাত ভনীৰ আন্তঃৰাষ্ট্রীয় বেহা 

লুইতেৰে বাংলাদেশলৈ পণ্যভর্তি জাহাজ

327

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমসহ উত্তৰ–পূর্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা ঘটাই বৃহস্পতিবাৰে ধুবুৰী জাহাজ ঘাটৰ পৰা নদীপথেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল আন্তঃৰাষ্ট্রীয় বাণিজ্য৷

গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কার্যালয় সহকাৰী হাই কমিছনাৰ আৰু মিছনপ্রধান ড০ শ্বাহ মহম্মদ তানভিৰ মনছুৰে ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্রাধিকৰণৰ ধুবুৰীস্থিত জাহাজ ঘাটত উপস্থিত হৈ সমগ্র প্রক্রিয়াৰ বুজ লোৱাৰ লগতে আনুষ্ঠানিকভাৱে ব্যৱসায়িক জাহাজৰ যাত্রাৰ শুভাৰম্ভ কৰে৷

ইয়াৰ লগে লগে ব্রিটিছৰ যুগত দেশৰ এক গুৰুত্বপূর্ণ নদীবন্দৰ বুলি খ্যাতি থকা ধুবুৰীয়ে পুনৰ আন্তঃৰাষ্ট্রীয় নদীবন্দৰৰ মানচিত্রত স্থান লভিবলৈ সক্ষম হ’ল৷

উল্লেখ্য যে বিগত ১১ জুলাইত ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্রাধিকৰণৰ ধুবুৰী জাহাজ ঘাটৰ পৰা ব্রহ্মপুত্রৰে বাংলাদেশৰ নাৰায়ণগঞ্জলৈ ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্রা কৰিছিল ভাৰতীয় জাহাজ এম ভি এ এ আই নামৰ এখন কার্গো জাহাজ৷ প্রথমবাৰৰ বাবে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ পৰা নদীপথেৰে চুবুৰীয়া ভূটানৰ সামগ্রী লৈ মালবাহী জাহাজখনৰ যাত্রাই ৰাজ্যৰ বাণিজ্যিক তথা স্বনিয়োজনৰ ক্ষেত্রখনত সূচনা কৰিছিল এক নতুন দিগন্তৰ৷ বৃহস্পতিবাৰে বাংলাদেশৰ চিলমাৰীলৈ ব্রহ্মপুত্রইদি ২৫০ মেট্ৰিক টন পাথৰবাহী এখন জাহাজৰ আনুষ্ঠানিক শুভাৰম্ভৰে এই জলপথছোৱাৰে দুখন দেশৰ মাজত নিয়মিত আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ পথ সুচল কৰা হয়৷

আনহাতে ধুবুৰীত স্থানীয় সংবাদ কর্মীৰ সৈতে হোৱা কথা–বতৰাত ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত হোৱা আলোচনাৰ পিছত লোৱা সেই সিদ্ধান্ত কার্যকৰী কৰা হ’ল বুলি মন্তব্য কৰে বাংলাদেশৰ সহকাৰী হাই কমিছনাৰ আৰু মিছনপ্রধান ড০ মনছুৰে৷ তেওঁ সদৰী কৰা অনুসৰি আর্থিক তথা ব্যৱসায়িক দিশত লাভৱান হ’লে আগলৈ গৈ এই জলপথছোৱাৰে দুয়োখন দেশৰ মাজত পণ্যবাহী জাহাজৰ সমান্তৰালকৈ যাত্রীবাহী জাহাজো চলাচল কৰিব৷ আনহাতে আগলৈ গৈ অসম তথা ধুবুৰীৰ বন্দৰে এছিয়াৰ হংকং, টকি’ আদি অইন ব্যস্ত বন্দৰবোৰৰ দৰে আন্তঃৰাষ্ট্রীয় বাণিজ্যিক ক্ষেত্রখনত এক গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলিও আশা প্রকাশ কৰাৰ লগতে কেৱল ভূটানেই নহয়, অনাগত সময়ত মেঘালয়ৰ পৰাও ধুবুৰীৰ বন্দৰৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি হোৱাৰ সম্ভাৱনা থকা বুলি আশা প্রকাশ কৰে বাংলাদেশৰ সহকাৰী হাই কমিছনাৰগৰাকীয়ে৷

You might also like