নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবত ক’ৰোনাত আক্ৰান্ত হ’ল দ্বিতীয়জন

178

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ মঙলবাৰে উত্তৰ-পূবত প্ৰথমজন ক’ৰোনা আক্ৰান্ত ৰোগীৰ খবৰ অহাৰ পাচতেই বুধবাৰে আহিল দ্বিতীয়টো খবৰ । মিজোৰামৰ এগৰাকী লোক আক্ৰান্ত হৈছে মাৰত্মক ক’ৰোনা ভাইৰাছত । ১৬ মাৰ্চত নেডাৰলেণ্ডৰ পৰা অহা মিজোৰামৰ এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ শৰীৰত পোৱা গৈছে ক’ৰোনা পজিটিভ । বুধবাৰে মিজোৰামৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে এই কথা ।

ইফালে, উত্তৰ-পূবত প্ৰথমগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী পোহৰলৈ আহে মঙলবাৰে । যোৱা ২১ মাৰ্চত ইংলেণ্ডৰ পৰা গৃহচহৰ ইম্ফলত উপস্থিত হোৱা ২৩ বছৰীয়া যুৱতীগৰাকীৰ শৰীৰত পোৱা গৈছিল ক’ৰোনা ভাইৰাছ ।

শেহতীয়াভাৱে মিজোৰামৰ ব্যক্তিগৰাকীৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা পোৱাৰ পাচতেই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল নমুনা । গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰীক্ষাৰ অন্তত ৰোগীগৰাকীৰ শৰীৰত ক’ৰোনা পজিটিভৰ তথ্যা পোহৰলৈ আহে । এইগৰাকী ব্যক্তিৰ লগতে তেওঁৰ পত্নী আৰু দুই সন্তানক আইজৱৰ জ’ৰাম মেডিকেল কলেজ হাস্পতালৰ আইচুলচন ৱাৰ্ডত ৰখা হৈছে ।

You might also like