নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইম্ফলত আই ই ডি বিস্ফোৰণ

54

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ইম্ফলত সংঘটিত হ’ল এক বোমা বিস্ফোৰণৰ ঘটনা । বৃহস্পতিবাৰে পুৱা নাগামাপল ৰিমছ্ ৰোডত সংঘটিত হয় এই আই ই ডি বিস্ফোৰণৰ ঘটনা ।

যোৱা ১৯ জানুৱাৰী তাৰিখে মণিপুৰৰ ইম্ফলৰ পৰা অসম ৰাইপলছে গ্ৰেপ্তাৰ কৰিছিল ইউটিএলএৰ দুজনকৈ আণ্ডাৰগ্ৰাউণ্ড সদস্যক । তাৰ পিছতেই এই সদস্য দুজনক আৰক্ষীৰ হাতত গতাই দিছিল অসম ৰাইফলছে ।

আজি পুৱাৰ ভাগত সংঘটিত এই বোমা বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে যদিও একাংশই ইউটিএলএৰ ওপৰতে অভিযোগ আনিছে ।

You might also like