নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ অৰণ্য মানৱ চামুচল হক চৌধৰীৰ কথাৰে…

64

কিশলয় দেৱগোস্বামী

এই বিনন্দীয়া ধৰাখন মানুহ আৰু সকলো জীৱৰ বাসোপযোগী ধুনীয়া ধৰণী হৈ থকাৰ মূলত যে গছ–গছনি সেই কথাত সম্ভৱত কাৰো দ্বিমত নাথাকিব৷ গছ–গছনি প্রকৃতিৰ প্রাণ৷ গছৰ এই গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি চৰকাৰৰ এটা বিয়াগোম বিভাগ আছে, বন বিভাগ৷ চৰকাৰী বন বিভাগে কিমান সফলতা লাভ কৰিছে সেইটো সদায় এটা বিতর্কৰ বিষয়৷ এইবাৰ আমি আলোচনা কৰিবলৈ লৈছো গছপুলি ৰোপণক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰা হোজাইৰ এটা স্বেচ্ছাসেৱী সংস্থা আৰু এজন ব্যক্তিৰ বিষয়ে৷ স্বেচ্ছাসেৱী সংস্থাটোৰ নাম মর্কজুল মা’আৰিফ৷ ১৯৮২ চনত স্থাপিত এই সংস্থাটোৱে হোজাইৰ লগতে সমগ্র অসমতে এখন চৰকাৰৰ দৰেই কাম–কাজ কৰি গৈছে৷ জাতি–ধর্ম নির্বিশেষে সমাজৰ দৰিদ্রপীডিত মানুহৰ শিক্ষা, স্বাস্থ্য, অনাময়, দক্ষতা বিকাশ, নিয়োগ, কম্পিউটাৰ শিক্ষা আদি বিভিন্ন দিশত কাম কৰাৰ বাহিৰেও মর্কজুল মা’আৰিফে হোজাইত গছপুলি ৰোপণৰ জৰিয়তে এক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ হোজাইৰ বিভিন্ন গুৰুত্বপূর্ণ পথৰ দাঁতি, স্কুল–কলেজ, চৰকাৰী কার্যালয় চৌহদ আদিত নিম, অর্জুন, বকুল আদি গছ ৰোপণ কৰি মর্কজে হোজাইৰ পাৰিপার্শ্বিকতালৈ ইতিবাচক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ মর্কজে ৰোপণ কৰা পুলিৰ পৰা প্রায় এক লাখ গছ বুলি অনুমান কৰা হৈছে৷ অৱশ্যে এই কাম এদিনত বা অকস্মাৎ হোৱা নাই৷ এই সফলতাৰ আঁৰৰ মূল কাণ্ডাৰীজন হৈছে মর্কজুল মা’আৰিফৰ কার্যবাহী সভাপতি চামচুল হক চৌধুৰী৷ এগৰাকী অৱসৰপ্রাপ্ত শিক্ষক তথা হোজাইত সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ হেতু গঠিত হোজাই নাগৰিক সমন্বয় সমিতিৰো সভাপতি চামচুল হক চৌধুৰীক হোজাইৰ ‘অৰণ্য মানৱ’ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ নৈষ্ঠিক ধর্মপ্রাণ চামচুল হক চৌধুৰীয়ে পুৱা ফজৰৰ নামাজেৰে দিনটোৰ আৰম্ভণি কৰে আৰু নামাজৰ পিছত গছপুলিত পানী দিয়া, গছৰ চোৱা–চিতা, জেওৰা দিয়া, নতুন নতুন ঠাইত বৃক্ষৰোপণৰ পৰিকল্পনা সেইবোৰেই কৰে৷ ১৯৮৪ চনত মর্কজুল মা’আৰিফত এজন সাধাৰণ কর্মী ৰূপে যোগদান কৰা চামচুল হক চৌধুৰীয়ে নিজৰ নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰ দ্বাৰা সংস্থাটোক আগবঢ়াই লৈ যায়৷ ১৯৯৪ চনৰ পৰা চামচুল হক চৌধুৰীৰ নেতৃত্বত বৃক্ষৰোপণ শুভাৰম্ভণি কৰা হয়৷ হোজাই–নীলবাগান ৰোড তথা হোজাই চহৰত ৰাস্তাৰ দুয়োকাষে ছাঁ প্রদান কৰি থকা নিম গছবোৰ চামচুল হক চৌধুৰীৰ নেতৃত্বত মর্কজুল মা’আৰিফে কৰা কামৰ অমিয় স্বাক্ষৰ৷ হোজাই সাম্প্রদায়িক দৃষ্টিৰে এক স্পর্শকাতৰ ঠাই৷ অসম আন্দোলন, ভাষা আন্দোলনৰ বাহিৰেও ১৯৯২ চনৰ বাবৰি বিবাদৰ সময়ত হোজাই হিন্দু–মুছলিম দাংগাৰ সাক্ষী হ’ব লগা হৈছিল৷ সংঘাত–পৰৱর্তী সময়ত বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত মিলাপ্রীতি গঢ়ি তোলাৰ প্রচেষ্টা আৰম্ভ হৈছিল৷ চামচুল হক চৌধুৰীয়ে সংঘাত–পৰৱর্তী পর্যায়ত গছপুলি ৰোপণৰ জৰিয়তে উঠিহা প্রজন্মৰ মনত সদ্ভাৱ সৃষ্টিৰ এক নীৰৱ সংকল্প ল’লে৷ তেখেতে ক’লে,– গছ–গছনিৰ প্রয়োজন আমাৰ আছে৷ পিছে মই হোজাইৰ এশ শতাংশ হিন্দু জনবহুল এলেকাৰ স্কুল–কলেজবোৰ প্রথমে চিনাক্ত কৰিলোঁ৷ ৰবীন্দ্র বিদ্যালয়, দেশবন্ধু বিদ্যাপীঠ, বিবেকানন্দ বিদ্যালয়, আশানন্দ, যোগীযানৰ ৰাজবাৰী আদি৷ সেইবোৰত ছাত্র–ছাত্রীৰ সমুখত গছ ৰুলো৷ মোৰ ভাব আছিল, মোৰ দৰে ডাঢ়ি আৰু টুপী থকা মানুহজনে এনে স্কুলত গছ লগাইছে, গছবোৰে ছাঁ দিছে৷ অথচ তাত কোনো মুছলমান বিদ্যার্থী নাই৷ ল’ৰা–ছোৱালীবোৰৰ মনত নিশ্চয় প্রশ্ণ জাগিব, মানুহজনে কিয় গছ লগাইছে, ডাঙৰ হ’লে সেই উত্তৰ নিজেই পাব যে পৃথিৱীত স্বার্থই শেষ কথা নহয়৷ নিস্বার্থভাৱে বহু কাম হ’ব পাৰে৷ তেওঁলোকৰবহুতে ভৱিষ্যতে মুছলিম এলেকাত গছ ৰোপণৰ বাবে আগুৱাই আহিব পাৰে৷ হোজাইৰ ‘অৰণ্য মানৱ’ চামচুল হক চৌধুৰীৰ নেতৃত্বত জিলাখনত লক্ষাধিক গছ–গছনি ৰোপণ আৰু সেইবোৰ জেওৰা দি চোৱা–চিতা কৰাৰ কথাটো ইতিমধ্যে জিলাখনৰ সচেতন মহলত বহুলভাৱে আলোচিত এটি বিষয়৷

You might also like