নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বাধাগ্ৰস্ত কিশোৰৰ অনন্য প্ৰতিভা

27

মৃগাংক হাজৰিকা, গৌৰীসাগৰ

মাতৃৰ কোলা শুৱনি কৰি এটি দেৱশিশুৱে ষোল্ল বছৰৰ পূর্বে ঘৰখনত জন্মগ্রহণ কৰিছিল৷ পিতৃ–মাতৃৰ প্রথমটো সন্তান জন্মত পিতৃ–মাতৃৰ লগতে ককাক–আইতাক সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছিল৷ মৰমতে নাম দিছিল নিয়ৰ৷ ক্রমান্বয়ে দিনবোৰ অতিক্রম কৰাৰ লগতে, এদিন নিয়ৰে আঠমাহত ভৰি দিলেগৈ৷ ক্রমান্বয়ে ডাঙৰ হৈ অহা নিয়ৰৰ মুখৰ কলকলনি আৰু হঁাহিৰে ঘৰখনৰ সকলোৰে মন ভৰাই তুলিছিল৷ কিন্তু পিতৃ–মাতৃৰ লগতে পৰিয়ালটোৰ কোনেও এবাৰলৈ ভবা নাছিল যে জন্মগতভাৱে সি এক ৰোগত আক্রান্ত হৈ আহিছে৷ ইজনৰ কোলাৰ পৰা সিজনৰ কোলালৈ বাগৰি ফুৰোতে এদিন পিতৃ–মাতৃৰ হঠাৎ চকুত ধৰা পৰিল তাৰ মাজে মাজে হাত–ভৰিবোৰ কোঁচ খাই অহাৰ লগতে সি জিকাৰ মাৰি উঠে৷ প্রথম অৱস্থাত পিতৃ–মাতৃয়ে সামান্য কিবা ৰোগত আক্রান্ত হৈছে বুলিয়ে ভাবি লৈছিল যদিও পৰৱর্তী পর্যায়ত তাৰ সেই ৰোগটো দুগুণে বৃদ্ধি পোৱাৰ লগতে দিনটোত ৬০–৭০ বাৰলৈকে হ’ব ধৰিলে৷ পিতৃ–মাতৃৰ লগতে পৰিয়ালটোৱে দুগুণে চিন্তিত হ’ব ধৰিলে পিতৃ–মাতৃয়ে স্থানীয় এজন শিশু ৰোগ বিশেষজ্ঞৰ কাষ চাপিল৷ কিন্তু তেওঁৰ পৰা কোনো সদুত্তৰ নাপালে৷ পিতৃ–মাতৃয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী শিশু ৰোগ বিশেষজ্ঞৰ কাষ চপাৰ লগতে তেওঁৰ পৰা জানিব পাৰিলে যে শিশুটো স্নায়বিক ৰোগত জন্মগতভাৱে আক্রান্ত৷ যাক চিকিৎসা শাস্ত্রত মানসিক বিকাশত বাধাগ্রস্ত বুলি কোৱা হয়৷ নিমিষতে পিতৃ–মাতৃৰ ৰঙীন সপোনবোৰ থানৱান হৈ পৰাৰ লগতে সেই শিশুৰোগ বিশেষজ্ঞগৰাকীৰ তত্ত্বাৱধানত তিনিবছৰ ধৰি শিশুটোৰ চিকিৎসা চলিল৷ শিশুটোৰ সামান্য শাৰীৰিক উন্নতি ঘটিল যদিও মাত ফুটা, খোজকঢ়া, কথা বুজি পোৱা আদি প্রতিটো ক্ষেত্রতে জটিলতাই দেখা দিলে৷ শিশুটোক সুস্থ কৰি তোলাৰ কাৰণে তাৰ পিছতো পিতৃ–মাতৃয়ে বহু চিকিৎসকৰ দুৱাৰে দুৱাৰে দৌৰিলে যদিও কোনো উন্নতি নহ’ল৷ হতাশাগ্রস্ত পিতৃ–মাতৃয়ে উপায়হীন হৈ ক্রমান্বয়ে ডাঙৰ হৈ অহা নিয়ৰক ঘৰৰ সন্মুখতে থকা ৰুদ্রসাগৰ প্রাথমিক বিদ্যালয়ত নামভর্তি কৰাই দিলে৷ আন সুস্থ ছাত্র–ছাত্রীৰ লগত শিক্ষা গ্রহণৰ ক্ষেত্রত ফেৰ মাৰিব নোৱাৰাৰ লগতে তাতো কিন্তু কোনো বিশেষ সফলতা দেখা নাপালে৷স্মৃতিশক্তি অতি প্রখৰ যদিও কথাবোৰ আয়ত্ত কৰাত খুবেই ধীৰ৷ একমাত্র ভগৱানৰ ওপৰতে শেষ ভৰসা ৰখা পিতৃ–মাতৃয়ে শিশু নিয়ৰৰ গাত এটা বিশেষ গুণ দেখা পালে৷ ৰেডি’, দূৰদর্শনৰ পর্দাত সি এবাৰ শুনা গানটো সহজে আয়ত্ত কৰি লোৱাৰ লগতে সলসলীয়াকৈ গাই দিব পাৰে৷ তদুপৰি পাকঘৰৰ কামৰ সময়তো মাকৰ আঁচলত ধৰি ঘূৰি ফুৰা নিয়ৰে মাকে যদি সেইসময়ত মুখত গুণগুণাই থকা গানৰ কলিটোৰ কোনোবা এঠাইত যদি ৰৈ যায় সি তাৰ পিছৰ শাৰীটো মাকক সোঁৱৰাই দিয়ে৷ বিদ্যালয়ৰ শ্রেণীকোঠাত বিশেষ কোনো পাৰর্দশিতা যেতিয়া সি দেখাব পৰা নাছিল হতাশাগ্রস্ত পিতৃ–মাতৃক বিদ্যালয়লৈ পৰিদর্শনৰ বাবে জিলা সর্বশিক্ষা মিছনৰ কার্যালয়ৰ পৰা এদিন অহা দীপক বৰা নামৰ বিষয়াগৰাকীয়ে হতাশ নহবলৈ অনুৰোধ জনোৱাৰ লগতে শিশুটো যিটো বিষয়ত আগ্রহী সেইটোতে অধিক মনোযোগ দিবলৈ পৰামর্শ দিয়ে৷ পিতৃ–মাতৃয়ে নিয়ৰৰ সংগীতৰ প্রতি ধাউতি দেখাৰ লগতে সেই শিক্ষা বিষয়াগৰাকীৰ পৰামর্শক সোঁৱৰাই ছয় বছৰীয়া নিয়ৰক লগত লৈ ভটীয়াপাৰৰ সংগীত কানন সংগীত বিদ্যালয়ৰ অধ্যক্ষা বৃষ্টিৰাণী বৰা আৰু সত্যজিৎ বৰাৰ কাষ চাপেগৈ৷ কিন্তু সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ সুন্দৰকৈ সংগীত পৰিৱেশন কৰা দেখি প্রথমাৱস্থাতে অতিভূত হৈ পৰে বিদ্যালয়খনৰ পৰিয়ালটো৷ সংগীত বিদ্যালয়খনৰ অধ্যক্ষা বৃষ্টিৰাণী বৰাৰ তত্ত্বাৱধানতে সংগীতৰ জ্ঞান আহৰণ কৰা নিয়ৰে ভূপেন্দ্র সংগীত, ৰাভা সংগীত, জ্যোতি সংগীতকে আদি কৰি ৰাজ্যখনৰ প্রতিজন সংগীত শিল্পীৰ গীত সুন্দৰকৈ পৰিৱেশন কৰিব পাৰে৷ ভূপেন্দ্র সংগীতৰ পৰা বৰগীতলৈকে পাঁচশৰো অধিক গীত মুখস্থ৷ তাপর্যপূর্ণ বিষয় যে বাদ্যযন্ত্রৰ আনুষ্ঠানিক কোনো শিক্ষা নোলোৱাকৈ ঢ়োল–খোল, তবলা হাৰমনিয়াম আদিকে ধৰি সংগীতৰ বহু বাদ্যযন্ত্র বজাব পাৰে৷ আঞ্চলিক তথা জিলা পর্যায়ত অনুষ্ঠিত হোৱা বিভিন্ন সংগীত প্রতিযোগিতাত বহুবাৰ সন্মান বুটলিবলৈ সক্ষম হোৱা নিয়ৰৰ সম্পূর্ণ নাম নিয়ৰ বডা৷ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ গাঁও নিৱাসী অৰূপ বডা আৰু মাতৃ ঝণা বডাৰ সন্তান৷ মাতৃৰ লগত গ্রন্থমেলা অথবা দুর্গাপূজা, শিৱৰাত্রি মেলা আদিলৈ গ’লে নিয়ৰে শিশুৰে পৰা বর্তমানলৈকে কেৱল গানৰ কিতাপে ক্রয় কৰাৰ বাবে খাটনি ধৰে৷বর্তমানবৰপাত্র দ’ল হাইস্কুলত নৱম শ্রেণীত নামভর্তি কৰোৱা নিয়ৰে সংগীতৰ বাহিৰে অন্য বিষয় আয়ত্ত কৰাত অতি ধীৰ যদিও স্মৃতিশক্তি কিন্তু যথেষ্ট সবল৷ ষোল্লবছৰীয়া কিশোৰ নিয়ৰৰ মনটো এতিয়াও শিশুৰ দৰে৷ জিলা শিক্ষা বিষয়াৰ পৰা বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্রীলৈকে প্রতিজনৰ অতি প্রিয় নিয়ৰে সংগীতৰ সমান্তৰালকৈ খুব সুন্দৰ কবিতাও আবৃতি কৰিব পাৰে৷ নিয়ৰৰ সফলতাৰ আঁৰৰ ব্যক্তিগৰাকীয়ে হৈছে তাৰ মাতৃ৷

You might also like