নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চিন্তা–পৰিকল্পনাৰে আগুৱাইছে ‘অসমীয়া পাকঘৰ’

পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ নতুন যাত্রা চৰাইদেউৰ বিশ্বজিৎ গগৈৰ

41
  • দুষ্মন্ত কুমাৰ নাথ, চৰাইদেউ         

            অসমীয়া গ্রাম্য জীৱনৰ পাকঘৰত প্রস্তুত হোৱা বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰক লৈ নিজৰ লগতে আন দহগৰাকী যুৱক–যুৱতীৰ নিশ্চিত ৰূপত জীৱিকা নির্বাহৰ পথ মোকলাব পৰাৰ থল যে আছে, সেয়া প্রতিপন্ন কৰিছে চৰাইদেউৰ এগৰাকী উদ্যমী যুৱকে৷ অসমৰ প্রায়বোৰ সামাজিক, সাংস্কৃতিক, শিল্প ক্ষেত্রত বর্তমান বহিৰাগত বণিয়াৰ অবাধ দপদপনি৷ আনকি আমাৰ খাদ্য তালিকাত সোমাই পৰিছে দেশী–বিদেশী নানা খাদ্য সম্ভাৰ৷ এনে অৱস্থাত অসমীয়া গ্রাম্য সমাজ জীৱনৰ লগতে জনগোষ্ঠীয় সমাজখনৰ পাকঘৰৰ জুহালত প্রস্তুত কৰা পৰম্পৰাগত খাদ্য সম্ভাৰক কেন্দ্র কৰি গঢ়ি তুলিব পৰা নিশ্চিত কর্মসংস্থাপনৰ সম্ভাৱনীয়তাক জগত সভালৈ উলিয়াই নিবলৈ প্রয়াস চলাইছে চৰাইদেউ জিলাৰ চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে৷ অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত বিভিন্ন মেলা, মহোৎসৱ, প্রদর্শনী আদিত সততে পৰম্পৰাগত খাদ্যৰ বিপণী খুলি অহা বিশ্বজিৎ গগৈয়ে আজি ৪/৫ বছৰ ধৰি পৰম্পৰাগত খাদ্য সম্ভাৰ প্রস্তুত আৰু পৰিৱেশনৰ অভিজ্ঞতাৰে নিজৰ লগতে আন দহগৰাকী যুৱক–যুৱতীয়ে এইক্ষেত্রত জীৱিকা নির্বাহৰ পথ মোকলাব পৰাৰ প্রচুৰ সম্ভাৱনীয়তা নিশ্চিত কৰে৷ সেয়ে দীর্ঘ পৰিকল্পনাৰ অন্তত চলিত বর্ষৰ জানুৱাৰী মাহত যুৱকগৰাকীয়ে সাকাৰ ৰূপ দিয়ে অসমীয়া পাকঘৰ নামৰ এক অনুষ্ঠানৰ৷

যুৱকগৰাকীক এইক্ষেত্রত সহযোগ আগবঢ়ায় সমভাবাপন্ন স্থানীয় কেইবাগৰাকী যুৱকে৷ ইতিমধ্যে কেইবাখনো বিবাহ অনুষ্ঠানত বিশ্বজিৎ গগৈৰ অসমীয়া পাকঘৰ নিয়োজিত হৈ বহু লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ভূয়সী প্রশংসা লাভ কৰিছে৷ অসমীয়া বিবাহ অনুষ্ঠান স্মৰণীয় কৰি তুলিবলৈ লগতে বিভিন্ন সামাজিক, ঘৰুৱা অনুষ্ঠান, উৎসৱ–পার্বণত নিজস্বতা ৰক্ষা কৰি সম্পূর্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য যেনে– টোপোলা ভাত, পিঠাগুড়ি মাংস, হঁাহৰ মাংস, খৰিকাত দিয়া মাংস, সিজোৱা মাংস, জনজাতীয় মচলা পাতেৰে ৰন্ধা, পাতত দিয়া মাংস, বেতগাজ, মুগা লেটা, খাৰ, খাৰলি, শুকটি, মাছৰ টেঙা, ৰংপুৰীয়া আলু ভাজি আদি কৰি বিভিন্ন খাদ্যসম্ভাৰ অসমীয়া পাকঘৰে পৰিৱেশন কৰি আহিছে৷ অসমীয়া সমাজ আৰু জনগোষ্ঠীয় সমাজৰ অভিজ্ঞ ৰান্ধনীৰ লগতে স্থানীয় কিছুসংখ্যক যুৱকৰ সহযোগত এক নতুন যাত্রা আৰম্ভ কৰা বিশ্বজিৎ গগৈৰ অসমীয়া পাকঘৰত অতি শেহতীয়াকৈ সহযোগ কৰিছে কেইবাগৰাকী যুৱতীয়ে৷ কোনো মালিক বা গৰাকী নথকা এই অসমীয়া পাকঘৰত নিয়োজিত সকলোৱেই ইয়াৰ গৰাকী বুলি বিশ্বজিৎ গগৈয়ে জানিবলৈ দিছে৷ অসমীয়া আৰু জনগোষ্ঠীয় খাদ্যৰ প্রসাৰ আৰু প্রচলনত গুৰুত্ব দিয়াই অসমীয়া পাকঘৰ সৃষ্টিৰ অন্যতম আঁৰৰ কথা বুলি তেওঁ প্রকাশ কৰিছে৷ অসমীয়া সমাজ জীৱনত সোমাই পৰা দেশী–বিদেশী খাদ্য সম্ভাৰে সততে নানা ৰোগ সৃষ্টি কৰাৰ লগতে স্বাস্থ্যৰ প্রতি নানা প্রত্যাহ্বান নমাই আনিছে বুলি বিভিন্ন সময়ত প্রায়ে উত্থাপন হৈ অহা অভিযোগলৈ চাই অসমীয়া পৰম্পৰাগত সুস্বাদু, স্বাস্থ্যসন্মত খাদ্য ন ৰূপত, নৱ চিন্তা, নৱ পৰিকল্পনাৰে প্রস্তুত আৰু পৰিৱেশন কৰিব বিচাৰিছে অসমীয়া পাকঘৰে৷ এশ শতাংশ শুদ্ধ ৰূপত, স্বাস্থ্যসন্মত থলুৱা পৰম্পৰাগত ৰুচিকৰ খাদ্য প্রস্তুত আৰু অসমীয়া পৰম্পৰাগত সাজ–পোছাক পিন্ধি খাদ্য পৰিৱেশন কৰা অসমীয়া পাকঘৰৰে জডিত যুৱচামটোৱে পৰিৱেশ সজাগতাৰ প্রতি লক্ষ্য ৰাখি বর্তমানলৈকে তেওঁলোকে যিকেইটা অনুষ্ঠান, উৎসৱ–পার্বণত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিছে, সেইসমূহত তেওঁলোকে কলপাত আৰু কৌপাতত খাদ্য পৰিৱেশন কৰি সকলোৰে সমাদৰ আৰু দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱর্তে অসমতে থাকি নূ্যনতম মূলধন বিনিয়োগ কৰি আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰে জীৱিকা নির্বাহৰ থল থকা ক্ষেত্রখন অসমীয়া পাকঘৰে উন্মোচন কৰিছে৷

You might also like