নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৃষ্টিহীন হৈও সুৰৰ পানচৈত ডিব্রুগড়ৰ বাঁহীবাদক অশ্বিনী শইকীয়া

73
  • বিভাস দুৱৰা, ডিব্রুগড়

হাজাৰ হাজাৰ শ্রোতাক স্বকীয় প্রতিভাৰে বাঁহীৰ সুৰৰে মন্ত্রমুগ্ধ কৰা এজন দৰদী তথা অখ্যাত শিল্পী৷ যাৰ বাঁহীৰ সুৰত বাণীবদ্ধ হৈছে বহু কালজয়ী যুগমীয়া গীত৷ বিশেষভাৱে সক্ষম এইগৰাকী মানৱ দৰদী শিল্পী তথা বিশিষ্ট বাঁহীবাদকগৰাকী ডিব্রুগড চহৰৰ উপকণ্ঠ অঞ্চল চান্দৈপথাৰৰ সমীপৱর্তী বেবেজীয়া গাঁৱৰ অশ্বিনী শইকীয়া৷ সৰুতেই দৃষ্টিহীন হৈ পৰা এইগৰাকী দৰদী শিল্পীয়ে একমাত্র বাঁহীবাদন কৰিয়েই অতি কষ্টৰে জীৱনৰ বাটত আগুৱাইছে পত্নী পদ্মা বৰা শইকীয়া আৰু একমাত্র কণমানি পুত্র নয়নমণি শইকীয়াৰ জীৱনৰ বাবেবাটকুৰি বাই যাবলগীয়া হয় বহু দূৰণিবটীয়া ঠাইলৈ৷ ইয়াৰ মাজতে জীৱন সংগ্রাম অব্যাহত ৰাখিছে৷ অকলে নহয়, এইক্ষেত্রত সাৰথি হৈ আছে মৰমৰ পত্নী পদ্মা৷ প্রতিটো খোজতে যেন জীৱনৰ লগৰী হোৱাৰ লগতে বিশেষভাৱে সক্ষম মানুহজনৰ লগত থিয় দিছে৷ ১৯৭৯ চনৰ পৰা এতিয়ালৈকে এইগৰাকী বাঁহীবাদকে প্রায় বিশ হাজাৰৰ অধিক গীতত বাঁহীসংগত কৰিছে৷ লগতে ১৯৯৪ চনৰ পৰা এতিয়ালৈকে ডিব্রুগডৰ অনাতাঁৰ কেন্দ্রৰ লগতে ডিব্রুগড দূৰদর্শন কেন্দ্রতো বাঁহীবাদক হিচাপে গীতিকাৰ, কণ্ঠশিল্পীৰ লগত বাঁহীসংগত কৰি আহিছে৷ এইসকলৰ ভিতৰত অসমৰ আগশাৰীৰ বিশিষ্ট সংগীতশিল্পী জে পি দাস, পুলক বেনার্জী, পদ্ম দাস, লোহিত দাস, হীৰেণ গোহঁাই, ৰাজেন গোহঁাই, সুনীল কাকতি, চৈয়দ ছাদুল্লা, বুধিন গগৈ, জিতু বৰঠাকুৰ, দিগন্ত গোহঁাই, লক্ষ্মীনন্দন বৰা, ডলী দাস, মমতা বৰঠাকুৰ, জেবিন চুলতানা, অন্যতম৷ ইয়াৰ উপৰি ১৯৯৫ চনৰ পৰা ‘তুমি নুবুজিলা, কুঁহি, ধন মইনা, হাতী হেৰুৱালোঁ লিহিৰি বনতে, অমইনাজান, সুৱাগমণি, পাহাৰী মইনা, নিজৰা, মুৰুলী, ছজনী, ৰাধা, ৰঙামালা আদিকে ধৰি চল্লিশখন শ্রব্য কেছেট আৰু প্রায় পাঁচশৰো অধিক গীতত বাঁহীবাদক হিচাপে গীত বাণীবদ্ধন কৰিছে৷ বৰগীত, টোকাৰী গীত, লোকগীত, দেহ বিচাৰৰ গীত, আইনাম, বিয়ানাম, ভজন, আধুনিক গীত, বিহু গীত আৰু ঝুমইৰ গীতৰ বহু যুগমীয়া গীতত অময়া বাঁহীৰ সুৰ নিগৰাইছে৷ সমান্তৰালকৈ ১৯৯০ চনৰ পৰা এতিয়ালৈকে এইগৰাকী দৰদী শিল্পীয়ে পাঁচশৰো অধিক শিষ্যক বাঁহী শিক্ষা প্রদান কৰি নতুনৰ বাবে বাট মুকলি কৰিছে৷ ১৯৬৯ চনত প্রথম মই অসমীয়া ভাগ্য চিনেমা ‘নৱ নৱ ব’হাগে আহে, সৰুফুল মিচিকী হঁাহে’ জনপ্রিয় গীতটো বাঁহীত সুৰ দিছিল তেওঁ৷ ১৯৭১ চনত চাউলখোৱাৰ প্রাথমিক বিদ্যালয়ত নামভর্তি কৰে৷ কিন্তু দুর্ভাগ্যজনক ঘটনা, বিধি–বিধান শৰীৰত বসন্ত ৰোগ আৱির্ভাৱ হোৱাত সেই সময়ত চিকিৎসা নোপোৱাত তেওঁ চিৰদিনৰ বাবে চকুৰে নেদেখা হয়৷ অর্থাৎ ১৯৭৩ চনত মাত্র ৯ বছৰ বয়সতে কেৱল মাত্র প্রথম শ্রেণী পঢ়িয়েই স্কুল এৰিবলগা হয়৷ কিন্তু ইয়াৰ পিছতো আকাংক্ষা এৰি দিয়া নাছিল৷ মনত দৃঢ়তা বান্ধিছিল বিদ্যালয়ৰ শিক্ষা নাপালেও সংগীতৰ শিক্ষা ল’বই৷ সেয়ে ১৯৭৯ চনত চাউলখোৱাৰ সংগীত বিদ্যালয় স্থাপন হয় আৰু এই বিদ্যালয়তে প্রথমে কণ্ঠ সংগীত গ্রহণ কৰে৷ ভকেলত চতুর্থলৈকে উত্তীর্ণ হোৱাৰ লগতে একে সময়তে ডিব্রুগডৰ প্রখ্যাত বাঁহীবাদক উপেন ফাংচুৰ ওচৰত বাঁহী শিক্ষা গ্রহণ কৰে৷ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈকে ফাংচুৰ ওচৰত ৰাগ, তাল, সুৰৰ শিক্ষা লয়৷ কিন্তু সেই সময়তো যথেষ্ট অসুবিধা হৈছিল দৰদী শিল্পীগৰাকীৰ৷ ১৯৯০ চনত মার্ঘেৰিটা জাগুনত জনতা শিল্পী লোহিত গগৈৰ লগত প্রথম সাংস্কৃতিক অনুষ্ঠানত বাঁহীবাদক হিচাপে আত্মপ্রকাশ কৰে৷ ইয়াৰ পৰৱর্তী সময়ত অসমৰ বিভিন্ন ঠাইত অবিৰতভাৱেবাঁহী পৰিৱেশন কৰি আহিছে৷ চান্দৈপথাৰৰ দুজন সমাজকর্মী ব্যক্তি পোনা শইকীয়া আৰু ৰাজীৱ শইকীয়াৰ প্রচেষ্টাত ১৯৯৪ চনত ডিব্রুগড অনাতাঁৰ কেন্দ্রৰ বাঁহী অডিচনত উত্তীর্ণ হয় আৰু ১৯৯৪ চনৰ পৰা এতিয়ালৈকে ৰেডি’ চেণ্টাৰৰ বিভিন্ন অনুষ্ঠানত বাঁহীসংগত কৰি আহিছে৷ ইফালে ১৯৯৮ চনত চাবুৱাৰ নিৱাসী মুকুট নেওগৰ প্রচেষ্টাত ডিব্রুগড দূৰদর্শন কেন্দ্রত প্রথমটো টোকাৰী গীতৰ ৰেকর্ডিং কৰা হয়৷ ইয়াৰ মাজতে ১৯৯৯ চনৰ ২৬ মার্চত শিৱসাগৰৰ বহোৱাবাৰী জিয়ৰী পদ্মা বৰাৰ লগত বিবাহ কার্য সম্পন্ন হয়৷ এতিয়া একমাত্র পুত্র সন্তান পদুম, বকুল আদর্শ বিদ্যালয়ত নৱম শ্রেণীত অধ্যয়নৰত৷ এনেকৈয়ে বাঁহীত আঙুলি থৈ জীৱনৰ এটাৰ পিছত আনটো হূদয় গলা কথাবোৰ অকপটে কৈ গল এইজন বাঁহীবাদকে৷বাঁহীৰ লগতে দোতোৰা, হাৰমনিয়াম, পেঁপা, তবলাৰ, সুতুলি, গগনা আৰু লোকগীত সুন্দৰকৈ গাব পৰা ইতিমধ্যে এইজন বিশিষ্ট বাঁহীবাদকলৈ অসম সাংস্কৃতিক সমাজে ২০১৭ চনত জীৱনজোৰা সাধনা বঁটা প্রদান কৰিছে৷ কিন্তু পৰিতাপৰ বিষয় যে ইমান ব্যক্তিত্ব থকাৰ পিছতো আজিলৈকে বিশেষভাৱে সক্ষম এইগৰাকী দৰদী বাঁহীবাদকে চৰকাৰৰ পৰা কোনো এটা সুবিধা লাভ নকৰিলে ৷

You might also like