নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেজৰিৱালক কটাক্ষ এগৰাকী পৰিচালকৰ; ক’লে-আপোনাৰ টোপনী ধুনীয়া হৈছিল চাগৈ…

104

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তপ্ত হৈ আছে ৰাজধানী দিল্লী । দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ উত্তৰ-পূব প্ৰান্তত সোমবাৰে প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰে । কা’ বিৰোধী আৰু সমৰ্থনকাৰীৰ সংঘৰ্ষত এজন হেড কনিষ্টবলকে ধৰি বৰ্তমানলৈকে ৭ জন লোকে প্ৰাণ হেৰুৱায় ।

দিল্লীত হোৱা এই হিংসা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিছে এগৰাকী বলিউডৰ বিখ্যাত পৰিচালকে । বলিউডৰ পৰিচালক হাঞ্চল মেহতাই টুইট যোগে কেজৰিৱালক কয়- প্ৰতি অৰবিন্দ কেজৰিৱাল, শুপ্ৰভাত ! আশা কৰো আপোনাৰ টোপনী ধুনীয়া হৈছিল ।

যাৰ পাছতে এই টুইটক লৈ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

You might also like