নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ মাফিয়াৰ সৈতে জড়িত বলীউডৰ ২৫ চেলিব্রিটীক শীঘ্রে জেৰা কৰিব এনচিবিয়ে

ৰিয়াক গ্রেপ্তাৰৰ পিছতে হিন্দী ছবি জগতত জোকাৰণি

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰৰ তদন্তত বলীউডৰ ২৫ চেলিব্রিটী ড্রাগ্ছ মাফিয়াৰ সৈতে ওতপ্রোতভাৱে জড়িত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বলীউড ছবিজগতত ড্রাগ্ছ মাফিয়াৰ ধন বিনিয়োগ হৈ থকাৰ লগতে চেলিব্রিটীয়ে ড্রাগ্ছ সেৱন কৰাৰ বহুদিনীয়া অভিযোগৰ সত্যতা প্রমাণিত হোৱাৰ দিশে৷ অভিনেতা সুশান্তৰ প্রেয়সী ৰিয়া চক্রৱর্তী ড্রাগ্ছৰ গোচৰত এন চি বিয়ে গ্রেপ্তাৰ কৰাৰ লগে লগে বলীউডত জোকাৰণিৰ সৃষ্টি হৈছে৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত ড্রাগ্ছ জড়িত হৈ পৰাৰ পিছতেই অভিনেতাজনৰ মৃত্যুত সাঙোৰ খাই পৰা বিতর্কিত প্রেয়সী ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ (এনচিবি)–এ গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াওঁতে প্রতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহে৷ ৰিয়া চক্রৱর্তী, ৰিয়াৰ ভাতৃ সৌৱিক চেটার্জীয়ে ড্রাগ্ছ মাফিয়াৰ সৈতে হোৱাটছএপযোগে বার্তালাপ কৰাৰ তথ্যৰ আধাৰত প্রথমে ৰিয়াৰ ভাতৃ সৌৱিকক এনচিবিয়ে গ্রেপ্তাৰ কৰে৷ তদুপৰি এই ড্রাগ্ছৰ গোচৰতেই অভিনেতা সুশান্তৰ হাউছ মেনেজাৰ ছেমুৱেল মিৰাণ্ডা আৰু ঘৰুৱা সহায়ক দীপেশ সাৱন্তক গ্রেপ্তাৰ কৰে৷ তিনি দিন জেৰাৰ অন্তত আজি ৰিয়া চক্রৱর্তীকো এনচিবিয়ে গ্রেপ্তাৰ কৰে৷ এনচিবিৰ জেৰাৰ সময়ত ৰিয়া চক্রৱর্তীয়ে বলীউডৰ ২৫ চেলিব্রিটী ড্রাগ্ছ সেৱন কৰাৰ লগতে মাফিয়াৰ সৈতে জড়িত থকা বুলি ভাষ্যত প্রকাশ কৰে৷ ইয়াৰ পূর্বে ৰিয়াৰ ভাতৃ সৌৱিকেও এনচিবিৰ আগত দিয়া ভাষ্যত বলীউডৰ চেলিব্রিটী ড্রাগ্ছৰ সৈতে জড়িত বুলি প্রকাশ কৰিছিল৷ ৰিয়া চক্রৱর্তী আৰু সৌৱিকৰ ভাষ্যত বলীউডৰ ২৫ চেলিব্রিটীয়ে ড্রাগ্ছ সেৱন কৰাৰ লগতে ড্রাগ্ছ মাফিয়াৰ সৈতে জড়িত থকা বুলি এনচিবিক প্রদান কৰা ভাষ্যৰ সমান্তৰালকৈ এনচিবিয়ে গ্রেপ্তাৰ কৰা দুই কুখ্যাত ড্রাগ্ছ মাফিয়াৰ পৰাও বলীউডৰ চেলিব্রিটী সম্পর্কিতৰ তথ্য লাভ কৰে৷ ড্রাগ্ছ মাফিয়া দুজনৰ পৰা জব্দ কৰা ইলেক্ট্রনিক ডিভাইচত বলীউডৰ সম্পর্ক নিশ্চিত হয়৷ উল্লিখিত উৎসৰ আধাৰত এনচিবিয়ে বলীউডৰ ২৫ চেলিব্রিটীৰ তালিকা ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে৷ ড’চিয়াৰৰ ভিত্তিত শীঘ্রেই বলীউডৰ চেলিব্রিটীক চমন জাৰি কৰিব এনচিবিয়ে৷

You might also like