নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা; নদীত বাছ পৰি ২৪ যাত্ৰীৰ মৃত্যু

45

নিয়মীয়া বার্তা, ২৬ ফেব্রুৱাৰীঃ ৰাজস্থানৰ বুন্দীত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনা অনুসৰি আজি এখন ব্যক্তিগত বাছ কোটাৰ পৰা মাধোপুৰলৈ গৈ থকাৰ সময়তে মেজ নদীত বাগৰি দুৰ্ঘটনাত পতিত হয় ।

এই দুৰ্ঘটনাত প্ৰায় ২৪ জন যাত্ৰী নিহত হোৱাৰ লগতে বহুকেইগৰাকী যাত্ৰী আহত হৈছে । ইপিনে এই দুৰ্ঘটনাটো বাছখনৰ টায়াৰ ফটাৰ ফলতে সংঘটিত হোৱাৰ আংশকা কৰা হৈছে ।

You might also like