নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউন উলংঘাকাৰীক গুলীওৱাৰ নিৰ্দেশ

কঠোৰ সিদ্ধান্ত ল'ব তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে

96

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ  লক ডাউনৰ সময়ত চৰকাৰৰ নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব তেলেংগানা চৰকাৰে। উলংঘনকাৰীক সকীয়নি দি মুখ্যমন্ত্ৰী কে চি ৰাৱে কয় যে যদি ৰাজ্যবাসীয়ে আৰক্ষীৰ আহ্বান নুশুনে তেতিয়াহ’লে চৰকাৰে সেনা মোতায়েন কৰিব। আৰু প্ৰয়োজন সাপেক্ষে দেখা মাত্ৰেই গুলীৰ নিৰ্দেশ দিব। উল্লেখ্য যে ২১দিনীয়া ৰাষ্ট্ৰজোৰা লক ডাউন ঘোষণাৰ পূৰ্বে তেলেংগানা লক ডাউন কৰা হৈছে। এই সময়ছোৱাত একাংশ লোকে চৰকাৰৰ নিৰ্দেশনাক আওকান কৰিছিল।
এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক পুনৰবাৰ আৰক্ষীৰ নিৰ্দেশনা মানি লৈ সহযোগ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পাছতো যদি কোনো লোকে যদি এই নিৰ্দেশনা নামানে তেনেহ’লে তেনেলোকক গুলীয়াবলৈ নিৰ্দেশ দিবলৈ দ্বিধাবোধ নকৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি সকলো মন্ত্ৰী আৰু বিধায়কক এই সময়ছোৱাত নিজৰ নিজৰ দায়িত্ব পালন কৰি সমষ্টিবাসীক সজাগ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

You might also like