নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ সময়ৰ ইংগিতঃ দেশত ১৮ লৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

162

নিয়মীয়া বাৰ্তা , ২৭ মাৰ্চঃ ক্ৰমাত অতি জটিল হৈ পৰিছে ভাৰতৰ পৰিস্থিতি । প্ৰতিটো মুহূৰ্তত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । শেহতীয়া ভাৱে কৰ্ণাটক এগৰাকী ব্যক্তিৰ মৃত্যুৰ পাচতেই ১৮ লৈ বৃদ্ধি পালে ভাৰতত মৃত্যুৰ সংখ্যা কৰ্ণাটকৰ টুমকুৰত মৃত্যু হৈছে এগৰাকী বৃদ্ধৰ । ৫ মাৰ্চ তাৰিখে ৰেলেৰে দিল্লীলৈ গৈছিল এইগৰাকী ব্যক্তি । ব্যক্তিজনৰ মৃত্যুৰ পাচতেই এতিয়া তেওঁৰ সহযাত্ৰীসকলক বিচাৰি উলিওৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইফালে, ভাৰতত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৭২৪ গৰাকী লোক । পুৱাৰ ভাগত ৬৯৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছিল যদিও বৰ্তমান বৃদ্ধি পালে ৭২৪ লৈ । সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ক’ৰোনাত আক্ৰান্ত হৈছে ৫,৩২,২৩৭ গৰাকী লোক আৰু মৃত্যু হৈছে ২৪,০৮৯ গৰাকীকৈ লোক ।

You might also like