নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোকত থাকিব নালাগে কোনো দেশবাসীঃ ১ লাখ ৭০ হাজাৰ কোটি টকাৰ খাদ্য সুৰক্ষা প্ৰকল্প ঘোষণা

99

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বৃহস্পতিবাৰে দেশবাসীৰ আশা-প্ৰত্যাশাৰ প্ৰতি ইতিবাচক সঁহাৰিৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে বৃহৎ অংকৰ এক খাদ্য সুৰক্ষা প্ৰকল্পৰ কথা । লগে লগে তেওঁ আশ্বাস দিলে কোনো দেশবাসী ভোকত থাকিব নালাগে ।

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ প্ৰকল্প নামেৰে ১ লাখ ৭০ হাজাৰ কোটি টকাৰ এক নতুন প্ৰকল্পৰ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । ক’ৰোনা ভাইৰাছৰ বাবে এতিয়া সমগ্ৰ দেশ লকডাউন । দেশ উৎপাদন, ব্যৱসায় বন্ধ হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু লোক । এইসকল ক্ষতিগ্ৰস্ত লোকে এই প্ৰকল্পৰ জৰিয়তে সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

ইফালে , বিত্তমন্ত্ৰীৰ নেতৃত্ব গঠন কৰা হৈছে এক টাস্ক ফৰ্চ । খাদ্য আৱণ্টনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোক, মহিলা আৰু জেলৰ বন্দী সকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে । তেওঁ জনায় যে, খাদ্য সুৰক্ষা আইন অনুযায়ী এপ্ৰলিৰ পৰা দৰিদ্ৰ লোকসকলক ৫ কিলো আটা অথবা চাউল দিয়া হ’ব । পৰৱৰ্তী ৩ মাহ ১ কিলোগ্ৰামকৈ দাইলও দিয়া হ’ব বুলি জানিবলৈ দিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

You might also like