নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰ বিত্তমন্ত্রী হিচাপে নিযুক্ত ভাৰতীয় মূলৰ ঋষি সোণাক

37

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ইনফ’ছিচৰ সহঃ প্রতিষ্ঠাপক নাৰায়ণ মূর্তিৰ জোঁৱাই ঋষি সোণাক ব্রিটেইনৰ নতুন বিত্তমন্ত্রী হিচাপে নিযুক্ত হৈছে৷ ভাৰতীয় মূলৰ এই ৰাজনীতিকজনক প্রধানমন্ত্রী বৰিছ জনছনে বিত্তমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷ ২০১৯ চনৰ ডিচেম্বৰত সাধাৰণ নির্বাচনত পুনৰবাৰ ব্রিটেইনৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পিছত পাকিস্তান মূলৰ ছাজিদ জাভিদে বিত্তমন্ত্রী পদত অধিষ্ঠিত হৈছিল যদিও তেওঁ অব্যাহতি লোৱাত বৰিছন জনছনে এই সিদ্ধান্ত গ্রহণ কৰে৷

উল্লেখ্য যে ৩৯ বছৰীয়া ঋষি সোণাক ব্যৱসায়িক পৃষ্ঠভূমিৰ পৰা অহা৷ ইয়াৰ পূর্বে ঋষিয়ে কোষাগাৰ বিভাগৰ প্রধান সচিব হিচাপে কার্যনির্বাহ কৰিছিল৷ তেওঁ প্রখ্যাত উইনচেষ্টাৰ কলেজৰ পৰা ৰাজনীতি আৰু দর্শনৰ ডিগ্রী লাভ কৰাৰ পিছত অক্সফ’ড বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ আমেৰিকাৰ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম বি এ ডিগ্রীও লাভ কৰে৷ সোণাকৰ পিতৃ এজন চিকিৎসক৷ আনহাতে তেওঁৰ পত্নী ভাৰতীয় কোটিপতি তথা ইনফ’ছিচৰ সহঃ প্রতিষ্ঠাপক নাৰায়ণ মূর্তিৰ কন্যা৷

You might also like