নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত বিদ্যালয়তে ছাত্রীক দলবদ্ধ ধর্ষণ কৰি হত্যা

40

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বিহাৰত দ্রুতগতিত বৃদ্ধি পাইছে৷ বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত এনে এক লোমহর্ষক অপৰাধে সমগ্র ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলাখনৰ বাৰাউলি অঞ্চলৰ দেবাপুৰ হাইস্কুলত এগৰাকী নাবালিকা ছাত্রীক বিদ্যালয়ৰ চৌহদতে দলবদ্ধ ধর্ষণ কৰি হত্যা কৰে তিনি নৰপিশাচে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, নৱম শ্রেণীৰ ছাত্রীগৰাকীক গণধর্ষণ কৰি হত্যা কৰে আৰু শ্রেণীকোঠাত ওলোমাই থৈ আহে৷

আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ধর্ষণ আৰু হত্যাৰ অভিযোগত নাবালিকা ছাত্রীগৰাকীৰ প্রেমিকসহ তিনিজন যুৱকক গ্রেপ্তাৰ কৰে৷ এই তিনিও অভিযুক্তই ছাত্রীগৰাকীক ধর্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে আৰক্ষীৰ আগত৷ তেওঁলোকে জনোৱা মতে দলবদ্ধ ধর্ষণৰ পিছত ছাত্রীগৰাকীৰ হাত–ভৰি বান্ধি নির্মমভাৱে হত্যা কৰা হয়৷ প্রেমজনিত কাৰণতে এই অমানৱীয় ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷

উল্লেখ্য যে বিহাৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ শেহতীয়া এক সমীক্ষাত প্রকাশ পাইছিল যে পূর্বৰ বছৰসমূহৰ তুলনাত ২০১৮ চনত বিহাৰত মহিলাৰ বিৰুদ্ধে অপৰাধ ১৫ শতাংশ বৃদ্ধি পাইছিল৷ ২০১৭ চনত ১৪,৭১১টা এনে গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০১৮ চনত ৰুজু হৈছিল ১৬,৯২০টা গোচৰ৷ আনহাতে ৯৮.২ শতাংশ ধর্ষণৰ ঘটনাত উৎপীড়িতৰ চিনাকি ব্যক্তিয়ে এনে কুকর্ম সংঘটিত কৰিছিল৷ ২০১৮ চনত ৰুজু হোৱা ৬৫১টা ধর্ষণৰ গোচৰৰ ৬৩৯টা গোচৰতেই দেখা গৈছিল যে ধর্ষণৰ বলি হোৱা নাবালিকা–যুৱতী বা মহিলাৰ চিনাকি ধর্ষণকাৰী৷

You might also like