নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদীৰ পাছত এইবাৰ Man vs. Wild ত ৰজনীকান্ত

53

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এইবাৰ ডিস্ক’ভাৰি চেনেলৰ জনপ্ৰিয় অনুষ্ঠানত বিয়াৰ গ্ৰীলছৰ সৈতে দেখা যাব দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তক । বিয়াৰ গ্ৰীলছৰ ‘মেন ভাৰ্ছেচ ৱাইল্ড’ নামৰ অনুষ্ঠানটোৰ এটা বিশেষ অনুষ্ঠানৰ বাবে মঙলবাৰে দুয়ো উপস্থিত হয় কৰ্ণাটকৰ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত ।

উল্লেখ্য যে চুপাৰষ্টাৰ গৰাকীক সুৰক্ষা কৰ্মীৰ সৈতে এখন ফটোত দেখা পোৱাৰ বিপৰীতে বিয়াৰ গ্ৰীলছক নীলা জিন্স আৰু ক’লা জেকেটৰ সৈতে দেখা গৈছিল ।

ইপিনে ইয়াৰ পূৰ্বে ২০১৯ চনৰ আগষ্টত বিয়েৰ গ্ৰীলছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘মেন ভাৰ্ছেচ ৱাইল্ড’ শীৰ্ষ অনুষ্ঠানটোৰ এটা বিশেষ খণ্ডত অংশ লৈছিল । সেই অনুষ্ঠানটো উত্তৰাখণ্ডৰ জীম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা হৈছিল ।

You might also like