নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামা কাণ্ডৰ এটা বছৰ; শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ

68

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আজি পুলবামা আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০ জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো ।

শ্বহীদ হোৱা চিআৰপিএফৰ জোৱানসকল

এই আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজনকৈ বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে ।

এই দিনটোক স্মৰণ কৰি চিআৰপিএফেও টুইটযোগে শ্ৰদ্ধা জনাইছে ।

উল্লেখ্য যে শ্ৰীনগৰৰ পৰা জম্মুলৈ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন বাছেৰে প্ৰায় ২৫০০ জোৱান কঢ়িয়াই লৈ গৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় । য’ত চি আৰ পি এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল ।

You might also like